যৌণতা মানেই যেন নাৰী

নিউজ ডেস্ক : বিশ্বত সকলো দিশতে চলিব লাগিছে উন্নয়নৰ ধাৰা। সৰ্বদিশত আৰম্ভ হৈছে সংস্কাৰ আৰু বিকাশৰ প্ৰক্ৰিয়া। কিন্তু তাৰ মাজত অৱক্ষয় ঘটিছে মানৱীয় প্ৰমূল্যবোধৰ। উচ্চ শিক্ষিত লোকৰ সলনি হোৱা নাই মানসিকতা। আৰু হয়তো সেইবাবেই সমাজৰ প্ৰতি স্তৰত আৰু প্ৰতি ক্ষেত্ৰত আজি বিপন্ন হৈছে নাৰীৰ সুৰক্ষা, স্বাভিমান আৰু মৰ্য্যাদা।
একাংশ তথাকথিত উচ্চ শিক্ষিত পুৰুষৰ দৃষ্টিত নাৰী মাত্ৰেই যেন জৈৱিক বাসনা পূৰণৰ এক আঁহিলা। যোৱা ২৭ চেপ্তেম্বৰত উত্তৰ প্ৰদেশৰ বস্তি চহৰত সংঘটিত হোৱা এক ঘটনাই শেহতীয়াকৈ তাৰেই প্ৰমাণ স্পষ্ট কৰিছে। উত্তৰ প্ৰদেশৰ বস্তিত অৱস্থিত এখন চিকিৎসালয়ৰ এক চিকিৎসকে ফেচবুকৰ জৰিয়তে চিনাকী হৈছিল এগৰাকী শিক্ষয়িত্ৰীৰে। তাৰ পাছত যুৱতী গৰাকীৰে গঢ়ি তোলে বন্ধুত্বৰ সম্পৰ্ক।
প্ৰতি নিয়ত দীঘলীয়া বাৰ্তালাপত লিপ্ত হৈছিল চিকিৎসকগৰাকী। ক্ৰমাৎ গাঢ় হৈ উঠে বন্ধুত্ব। বিশ্বাস আৰু আস্থাও হয় দৃঢ়। হোৱাটচেপ যোগে আদান প্ৰদান হয় ফটোৰ। অৰ্থ্যাৎ, চিকিৎসকগৰাকীয়ে সু পৰিকল্পিতভাৱে বিশ্বাস আৰু আস্থা গঢ়ি তুলিছিল যুৱতীগৰাকীৰ মনত। আৰু সেই মৰ্মে পূৰ্ব পৰিকল্পনা অনুসৰি শিক্ষয়ত্ৰীগৰাকীক ফুৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল বস্তিলৈ। যুৱতীগৰাকীও উপস্থিত হয় চিকিৎসকগৰাকীৰ চিকিৎসালয়ত। সেই চিকিৎসালয়তে ফেচবুক বন্ধুৰূপী চিকিৎসক আৰু অন্য দুগৰাকী সহকৰ্মী চিকিৎসকে সংঘটিত কৰে বিভৎস কাণ্ড।
যুৱতীগৰাকীক নিশা চিকিৎসালয়ত আৱদ্ধ কৰি ৰাখি উপৰ্যুপৰি ধৰ্ষণ কৰে। পুৱা আৰক্ষীয়ে যুৱতীগৰাকীক চিকিৎসালয়ৰ সমীপত মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰাৰ পাছতহে সমস্ত ঘটনা পোহৰলৈ আহে। এই ঘটনাই পুনৰ প্ৰমাণ কৰে যে, তথা কথিত সভ্য আৰু শিক্ষিত সমাজতো আজি সুৰক্ষিত নহয় নাৰীৰ জীৱন আৰু সতীত্ব। তেনেস্থলত নাৰীৰ সুৰক্ষা আৰু মৰ্য্যাদাৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহে সভ্য সমাজক উপহাস কৰা নাইনে?