youth injured in Leopard attack : যোৰহাটৰ ললিতি চাপৰিত নাহৰফুটুকীৰ সন্ত্ৰাস; নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন যুৱক
নিউজ ডেস্ক, ১৩ মাৰ্চ : ৰাজ্যত বাঘৰ সন্ত্ৰাস । বাঘৰ সন্ত্ৰাসত আতংক ৰাইজ (youth injured in Leopard attack) ।
অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত সাধৰণতে বহু জন্তু এতিয়া নামি আহে সমতল ভূমিলৈ। বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰাণী। ফলত সৃষ্টি হৈছে সংঘাত।
শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে।
আমি প্ৰায়ে খবৰ লাভ কৰো যে বিভিন্ন সময়ত খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহে জন্তু । এইবাৰ যোৰহাটত বাঘৰ সন্ত্ৰাস । বাঘৰ ভয়ত আতংক ৰাইজ ।
যোৰহাটৰ ললিতি চাপৰিত নাহৰফুটুকীৰ সন্ত্ৰাস। যোৰহাটৰ সীমামূৰীয়া ব্ৰহ্মপুত্ৰৰ কাষত ললিতি চাপৰিত নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন যুৱক।
জানিব পৰা মতে, ম’হ বান্ধিবলৈ যাওঁতেই হঠাৎ নাহৰফুটুকীয়ে আক্ৰমণ কৰে যুৱকজনক। নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সঞ্জু পেগু নামৰ যুৱকজন । আঘাটপ্ৰাপ্ত যুৱকজনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় JMCHত(youth injured in Leopard attack in Jorhat)।
পূৰ্বে বন বিভাগক উক্ত অঞ্চলত নাহৰফুটুকীৰ অৱস্থিতি সম্পৰ্কে স্থানীয় ৰাইজে অৱগত কৰিছিল যদিও বন বিভাগে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে।
লগতে পঢ়ক : Terrible Road Accident in Rangia : নিয়ন্ত্রণ হেৰুৱাই মটৰচাইকেলৰ খুন্দা ট্রাকত,নিহত বাইক আৰোহী