Local, Vocal, Global

Youth from Silapathar goes Missing : কেৰেলাত সন্ধানহীন চিলাপথাৰৰ যুৱক

নিউজ ডেস্ক, ৯ ডিচেম্বৰ : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক । কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী(Youth from Silapathar goes Missing)।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ ৷ উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে । কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, নিৰুদ্দেশ হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে(Youth from Silapathar goes Missing in Kerela) ৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা ।

পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক । এইবাৰ চিলাপথাৰ মাজগাঁৱৰ মহেন্দ্ৰ বৰা নামৰ লোকজনৰ সন্ধানহীন ।কৰ্মসংস্থাপনৰ সন্ধানত বিগত ৩০ নৱেম্বৰতেই কেৰেলালৈ গৈছিল যদিও যোৱাৰ দিনাৰ পৰা মহেন্দ্ৰ নিখোঁজ অৱস্থাত আছে(Youth from Silapathar goes Missing in Kerela) ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি ৩০ নৱেম্বৰত ডিব্ৰুগড়ৰ পৰা বিবেক এক্সপ্ৰেছেৰে কেৰেলালৈ বুলি ৰাওনা হৈছিল মহেন্দ্ৰ । ২ ডিচেম্বৰৰ সন্ধিয়া ৬.৩০ বজালৈকে পৰিয়ালৰ লগত ফোনযোগে যোগাযোগত আছিল লোকজন । কিন্তু তাৰ পিছৰ পৰা কোনো শুংসূত্ৰ নাই মহেন্দ্ৰৰ ।পৰিয়ালৰ লোকে বহুতো চেষ্টা কৰিও কোনো সম্ভেদ উলিয়াব পৰা নাই নিৰুদ্দিষ্ট মহেন্দ্ৰৰ । আনকি মহেন্দ্ৰৰ ফোনটোও বন্ধ হৈ আছে । নিৰুদ্দেশ সন্দৰ্ভত মহেন্দ্ৰ বৰাৰ পত্নীয়ে চিলাপথাৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ।

প্ৰায় ন দিন ধৰি মহেন্দ্ৰৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালৰ মাজত । মহেন্দ্ৰক বিচাৰি উলিয়াবলৈ অসমৰ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনাইছে মহেন্দ্ৰৰ পত্নীয়ে ৷ লগতে কোনো লোকে মহেন্দ্ৰৰ কিবা সম্ভেদ পালে 9074833038 নম্বৰত যোগাযোগ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে নিৰুদ্দিষ্ট মহেন্দ্ৰৰ পৰিয়ালে ।

লগতে পঢ়ক : Rahul Gandhi postpones trip to SE Asia : ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এসপ্তাহজোৰা বিদেশ ভ্ৰমণ বাতি