Youth from Nagaland rescued at Langvouku waterfall : অৱশেষত উদ্ধৰ লাংৱকু জলপ্রপাতৰ সৌন্দর্য উপভোগ কৰিবলৈ গৈ সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ
নিউজ ডেস্ক,১৭জুলাই : অৱশেষত উদ্ধৰ হ’ল কাৰ্বি আংলঙৰ লাংৱকু জলপ্রপাতৰ সৌন্দর্য উপভোগ কৰিবলৈ আহি সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ । দুদিন ধৰি চলা অনুসন্ধান উদ্ধাৰ হ’ল মৃতদেহ ।
মঙলবাৰে দিনৰ প্ৰায় ২:৩০ বজাত হোজাই আৰু ডিমাপুৰৰ এছডিআৰএফ আৰু ডিফু অগ্নিনিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন সেৱাৰ লগতে মাঞ্জা আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ হয় ডিমাপুৰৰ ৩২ বছৰীয়া নগা যুৱক ছাৰ্প আওৰ মৃতদেহ ৷ উদ্ধাৰকাৰী দলটোৱে মঙলবাৰে দুপৰীয়া জলপ্ৰপাতটোৰ শিলৰ মাজত প্ৰত্যক্ষ কৰে মৃতদেহটো৷ পিচত বহু চেষ্টা কৰি প্ৰায় ২:৩০ বজাত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, দেওবাৰে বিয়লি প্ৰায় ৩:৪০ বজাত যুৱকজনে কাৰ্বি আংলঙৰ লাংৱকু জলপ্রপাতৰ সৌন্দর্য উপভোগ কৰিবলৈ গৈ জলপ্রপাতৰ ওপৰৰ পৰা পিচলি পানীত পৰি সন্ধানহীন হয়(Youth from Nagaland rescued at Langvouku waterfall) ।
এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে জলপ্রপাত কমিটীৰ সদস্যই যুৱকজনৰ সন্ধানত নামি পৰাৰ লগতে মাঞ্জা আৰক্ষীক ঘটনা সম্পর্কে অৱগত কৰে ৷ আৰক্ষী আৰু স্থানীয় লোকে কিছু সময় যুৱকজনৰ সন্ধানত অভিযান চলাই যদিও সন্ধিয়া হোৱাত অভিযান বন্ধ কৰিবলৈ বাধ্য হয় ।
সোমবাৰে জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনৰ উদ্যোগত এছডিআৰএফে অভিযান চলাই যদিও যুবকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল । দুপৰীয়াৰ ভাগত নাগালেণ্ডৰ পৰাও ৰাজ্যিক দুর্যোগ প্রশমন বিভাগৰ দল আহি অভিযান চলাই যদিও যুৱকজনৰ সন্ধান উলিওৱাত ব্যর্থ হয় । সন্ধিয়া হোৱা বাবে অভিযান বন্ধ ৰাখে । অভিযানকাৰী দলে পুনৰ মঙলবাৰে অভিযান চলাই মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়(Youth from Nagaland rescued at Langvouku waterfall) ৷
লগতে পঢ়ক : Truck loaded with illegal liquor seized : ঘিলাধাৰীত জব্দ অবৈধ সুৰা ভৰ্তি ট্ৰাক