Youth from Hajo murdered in Rajasthan :ৰাজস্থানৰ কোটা অনন্তপুৰাত নৃশংস হত্যা হাজোৰ যুৱকক
হা়জো,২৭ডিচেম্বৰ : বহিঃৰাজ্যত হত্যা অসমৰ যুৱকক। ৰাজস্থানৰ কোটা অনন্তপুৰাত নৃশংস হত্যা হাজোৰ যুৱকক।
দুই বন্ধুয়ে হানি খুঁচি হত্যা কৰিলে হাজোৰ ক্ষেত্ৰিহাৰদিয়াৰ প্ৰাণজিৎ কলিতা নামৰ যুৱকজনক।
ইন্দ্ৰজিৎ কলিতা আৰু বিশ্বজিৎ কলিতা নামৰ দুই ভাই ককাইৰ বিৰুদ্ধে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ(Youth from Hajo murdered in Rajasthan)।
চাৰি মাহ পূৰ্বে বৰহাৰদিয়া গাঁৱৰ দুই ভাতৃয়ে কৰ্মসংস্থাপনৰ উদ্দেশ্যেৰে ৰাজস্থানলৈ লৈ গৈছিল প্ৰাণজিৎ কলিতাক।
কোটা অনন্তপুৰাৰ এটা ভাড়াতীয়া কোঠাত থাকি এখন হোটেলত কুক হিচাপে কৰ্মৰত আছিল তিনিও বন্ধু।
কোটা আৰক্ষীয়ে মৃত প্ৰাণজিৎ কলিতাৰ ঘৰত ফোনযোগে অৱগত কৰে হত্যাকাণ্ডৰ কথা।