Local, Vocal, Global

Youth from Dergaon goes Missing in Bengaluru : পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক; তিনি মাহৰ পৰা সন্ধাহীন অসমৰ যুৱক

নিউজ ডেস্ক, ৭জানুৱাৰী : পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক । তিনি মাহৰ পৰা সন্ধাহীন অসমৰ যুৱক ।

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ ৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Assam youth goes missing in Bengaluru ) ।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা ।

পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ যুৱক । বাংগালুৰুত কৰ্মৰত দেৰগাঁৱৰ দৈয়ঙ্গীয়া গাঁৱৰ পুতুল বৰা নামৰ যুৱকজনৰ সন্ধান পোৱা নাই যোৱা অক্টোবৰ মাহৰ পৰা । পোন্ধৰ বছৰে বাংগালোৰত এটা কোম্পানীত কৰ্মৰত হৈ আছিল পুতুল বৰা । অক্টোবৰ মাহতে ঘৰলৈ আহি আছো বুলি ফোন কৰিছিল পুতুল বৰাই । পুতুল বৰাৰ সৈতে আছিল বহু লক্ষাধিক টকা । লখিমপুৰৰ এজন যুৱকৰ সৈতে আহিছো বুলি কৈছিল পুতুলে। কিন্তু আজিলৈকে ঘৰ আহি নাপালে যুৱকজন(Youth from Dergaon goes Missing in Bengaluru)।

লখিমপুৰৰ যুৱকজনৰ সৈতেও যোগাযোগ কৰিব পৰাই পৰিয়ালটোয়ে । পৰিয়ালৰ লোকে পোৱা নাই কোনোধৰনৰ খবৰ । আৰক্ষীৰ কাষ চাপিও পোৱা নাই সঁহাৰি । হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালৰ মাজত। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক সহায় ভিক্ষা কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:IIT Student Death Inside Hotel Room : IITৰ ছাত্ৰীৰ মৃত্যুৰ আন এক ৰহস্য ; ৩১ ডিচেম্বৰ নিশা পাৰ্টীত সুৰা পান কৰা নাছিল IITৰ ছাত্ৰী গৰাকীয়ে