Youth Drowned in Flood Waters in Dergaon : দেৰগাঁৱৰ গঁড়মৰা চকীয়ালত অঘটন;টুলুঙা নাৱৰ পৰা বাঢ়নী পানীত পৰি সন্ধানহীন এজন যুৱক

নিউজ ডেস্ক,১জুলাই : দেৰগাঁৱৰ গঁড়মৰা চকীয়ালত অঘটন। টুলুঙা নাৱৰ পৰা বাঢ়নী পানীত পৰি সন্ধানহীন এজন যুৱক। সন্ধানহীন যুৱকজন বিশ্ব ভূঞা বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, বিগত কিছুদিন ধৰি অসমৰ লগতে চুবুৰীয়া ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে ওফন্দি উঠিছে ৰাজ্যৰ প্ৰতিখন নৈ উপনৈ।ঠায়ে ঠায়ে ছিঙিছে মথাউৰি যাৰ ফলত ভয়ংকৰ ৰূপ লৈছে বানে। তিনিচুকীয়া, বোকাখাত, ওদালগুৰি, শিৱসাগৰ, গহপুৰ, কলাইগাঁও, ডিগবৈ, মাজুলী, কাজিৰঙাত ভয়ংকৰ ৰূপ লৈছে বানে(Youth Drowned in Flood Waters in Dergaon)।
বানৰ মাজতে দেৰগাঁৱৰ চৰাইচাপৰিত ভয়ংকৰ ঘটনা। ব্ৰহ্মপুত্ৰত উটি গৈছে এজন যুৱক। সন্ধানহীন যুৱকজন বিশ্ব ভূঞা বুলি জানিব পৰা গৈছে। নাৱেৰে পৰিয়ালৰ সদস্যক নদী পাৰ কৰাই পুনৰ ঘৰলৈ গৈছিল, কিন্তু তেতিয়াই নৈৰ বুকুত সন্ধানহীন হৈছে যুৱকজন। এজন প্ৰতিভাৱান কণ্ঠশিল্পী আছিল বিশ্বজিৎ ভূঞা। এই মুহূৰ্তলৈকে কোনো সন্ধান পোৱা নাই বিশ্ব ভূঞাৰ।
ঘটনাস্থলীত বৰ্তমানেও উপস্থিত হোৱা নাই SDRF বাহিনীৰ দল। যুৱকজনক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে স্থানীয় ৰাইজে। ৪ যুৱকে টুলুঙা নাৱেৰে যাত্ৰা কৰোঁতে এই অঘটন।