Youth Dies In Wild Elephant Attack In Golaghat : গোলাঘাটত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন যুৱকৰ

নিউজ ডেস্ক, ৬এপ্ৰিল : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Golaghat)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়( wild elephant attack in Golaghat)।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত । গোলাঘাটত পুনৰ বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন যুৱকৰ । গোলাঘাট বন সংমণ্ডলৰ অধীনৰ মৰঙি ৰাজহ চক্ৰৰ ১ নং চেঁচাবিল ম’হখুঁটিত শুকুৰবাৰৰ নিশা সংঘটিত হয় এক কৰুণ ঘটনা ৷
জানিব পৰা মতে শুকুৰবাৰে নিশা গোলাঘাটৰ চেঁচাবিল ম’হখুঁটিত বনৰীয়া হাতীৰ এটা জাক অঞ্চলটোত প্ৰৱেশ কৰাৰ পিছতে গাঁওখনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ গাঁৱৰ ৰাইজে হাতীৰ জাকটোক খেদাৰ বাবে আগবাঢ়ি যোৱাৰ সময়তে বাহিৰত থকা সুভাষ কৰুৱা নামৰ যুৱকজনক হাতীয়ে আক্ৰমণ কৰে ৷ যাৰ ফলত থিতাতে মৃত্যু হয় সুভাষ কৰুৱাৰ ৷
ইতিমধ্যে ঘটনাস্থলীত বকিয়াল খণ্ড বন বিভাগৰ লোক আৰু আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।
উল্লেখযোগ্য যে, খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে বৃহত্তৰ মৰঙী মৌজাৰ লগতে গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰি আহিছে ত্ৰাসৰ । গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙী মৌজাৰ থুৰামুখ, তেল গৰম, পংকা, দৈগ্ৰং, ধলাগুৰি, পুৰাবাংলা, চিনাতলী, আধাৰ সত্ৰ, জামুগুৰি, ওৱাটিং, গাড়ীগাঁও, আঠগাঁও, আইটননিয়া মিৰি গাঁও, শাওতলি, আৱৰঘাট, ৰঙাজান আদিকে ধৰি বিভিন্ন অঞ্চলত বন্যহস্তীৰ জাকে দিনে নিশাই প্ৰৱেশ কৰি ভঁৰালৰ ধান খাই তহিলং কৰাৰ লগতে ভাঙি তচনচ কৰে বাসগৃহ(Youth Dies In Wild Elephant Attack In Golaghat) ৷
অৱশ্যে ইমানৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ অভিযোগ উত্থাপন হৈছে বিয়াগোম বন বিভাগটোৰ বিৰুদ্ধে । স্থানীয় ৰাইজে বাৰম্বাৰ এই হাতী-মানুহৰ সংঘাত নিৰ্মূল কৰিবলৈ স্থানীয় জনপ্ৰতিনিধি আৰু বন বিভাগক অনুৰোধ জনাই আহিছে যদিও আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল বুলি আক্ষেপ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।
হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।