Local, Vocal, Global

Youth Dies in Stone Attack : চিলাপথাৰত শিলগুটিৰ আক্ৰমণত মৃত্যু যুৱকৰ

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী : চিলাপথাৰত শিলগুটিৰ আক্ৰমণত মৃত্যু যুৱকৰ।বুধবাৰে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় অৱতাৰ যাদৱ নামৰ যুৱকজনৰ(Youth Dies in Stone Attack )৷

উল্লেখ্য যে, চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিমেনমুখ অঞ্চলৰ লামাবৰগঁড়া গাঁৱৰ সমীপত সৰস্বতী পূজাৰ দিনা শিলগুটিৰ আক্ৰমণ কৰিছিল অৱতাৰ যাদৱ নামৰ যুৱকজনক ৷ শিলগুটিৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল যুৱকজন । তেতিয়াৰ পৰাই জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছিল যাদৱে ৷ অৱশেষত বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে যুৱকজনে ।

ঘটনা বিৱৰণি অনুসৰি, সৰস্বতী পূজাৰ দিনা চিমেনমুখ বালিকুতিৰ নিৰ্মল যাদৱৰ পুত্ৰ ৰাম অৱতাৰ যাদৱে ডিমৌ চাৰিআলিৰ পৰা বজাৰ কৰি ঘৰলৈ উভতি আহি আছিল ৷ তেনেতে মাজ ৰাস্তাতে বিপৰীতমুখী এখন অট’ৰ সৈতে মুখামুখি হয় অৱতাৰ ৷ তাৰ পাচতে সেই অট’খনৰ পৰা টেঙাবাৰী গাঁৱৰ যুৱক পাপল পাইতে নামি আহি এটা প্ৰচণ্ড শিলৰে অৱতাৰৰ মূৰত প্ৰহাৰ কৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় অৱতাৰ ৷ আনকি ঘটনাক কেন্দ্ৰ কৰি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়(Youth Dies in Stone Attack in silapathar) ৷

পৰৱৰ্তী সময়ত স্থানীয় লোকৰ তৎপৰতাত অৱতাৰক ঘৰৰ লোকে প্ৰথমাৱস্থাত চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও পাচত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ৷ তাৰ পাচৰ পৰাই ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ ICU ত চিকিৎসাধীন হৈ আছিল অৱতাৰ ৷

অৱশেষত বুধবাৰে বিয়লি মৃত্যু হয় অৱতাৰ যাদৱৰ । বুধবাৰে নিশা প্ৰায় ৯ বজাত নিজ বাসগৃহলৈ অনা হয় যাদৱৰ নিথৰ দেহ ৷ অৱতাৰ যাদৱৰ মৃত্যুৰ বাতৰিয়েই শোকাকুল কৰি তুলিছে সমগ্ৰ অঞ্চলটো ৷

লগতে পঢ়ক : illegal Drugs seized in Dhemaji : ধেমাজিত ড্ৰাগছসহ আটক মহিলা সৰবৰাহকাৰী