Local, Vocal, Global

Youth Dies By Drowning in the Noa River : নোৱা নৈত গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ

নিউজ ডেস্ক,২৮জুলাই : নৈত গা ধুবলৈ গৈ সন্ধানহীন যুৱক । মঙলদৈত নিকটৱৰ্তী নোৱা নৈত সংঘটিত হৈছে অঘটন। শনিবাৰে গধূলি সমনিয়াৰ সৈতে নৈত গা ধুব গৈ নিখোজ যুৱক ।সন্ধানহীন যুৱকজন সৈতন্য সিং দৈমাৰি বুলি জানিব পৰা গৈছে।সন্ধানহীন যুৱকজনৰ ঘৰ মঙলদৈ চহৰৰ ৩ নং ৱাৰ্ডত(Youth Dies By Drowning in the Noa River) ।

এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত মঙলদৈ আৰক্ষী আৰু এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দল উপস্থিত হয় আৰু উদ্ধাৰ অভিযান চলাই।

অৱশেষত সৈতন্য সিঙৰ মৃতদেহ গভীৰ পানীৰ পৰা উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে। মৃতদেহটো উদ্ধাৰ কৰি বৰ্তমানলৈ মঙলদৈ অসামৰিক চিকিৎসালয় ৰখা হয়। মৰণোত্তৰ পৰীক্ষাৰ পিছত দেওবাৰে মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়াৰ সম্ভাৱনা আছে।

লগতে পঢ়ক : Price Revision for Purabi Products Across Assam : এইবাৰ বৃদ্ধি পালে পূৰৱী গাখীৰৰ দাম