Local, Vocal, Global

Youth died of electric shock : পুনৰ বিদ্যুৎপৃষ্ট হৈ মৃত্যু শ্ৰমিকৰ

জামুগুৰিহাট,৩আগষ্ট : পুনৰ বিদ্যুৎপৃষ্ট হৈ মৃত্য়ু শ্ৰমিকৰ ।

শোণিতপুৰৰ ৰঙাপৰাত সংঘটিত হৈছে অঘটন । শোণিতপুৰৰ ৰঙাপৰাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন শ্রমিকৰ।

মৃত শ্ৰমিকজন ৰঙাপৰা চাহ বাগিচাৰ ভঙাবিল লাইনৰ সুৰজ ধানোৱাৰ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, মৃত সুৰজ ধানোৱাৰে ৱাৰিছ ইঞ্জিনিয়াৰিং ওৱকৰ্চত কাম কৰি আছিল। কাম কৰি থকাৰ সময়তে সুৰুজ ধানোৱাৰ বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰ ভাৱে আহত হয় । আহত সুৰজ ধানোৱাৰক লগে লগে তেজপুৰলৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে মৃত্যুক সাৱটি লয় শ্ৰমিকজনে(Youth died of electric shock) ।

ইফালে এই সোকাৱহ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী থানাৰ এটা দল উপস্থিত হয় আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত বুজ লয় ।

২২ বছৰীয়া সুৰজ ধানোৱাৰ অকাল মৃত্যু লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ভঙাবিল লাইনত শোকৰ ছাঁ পৰে(Youth died of electric shock)।

ইফালে সুৰজ ধানোৱাৰ পৰিয়ালৰ অভিযোগ অনুসৰি গাড়ীৰ তেলৰ টেংকী তৈয়াৰ কৰা ৱাৰিছ ইঞ্জিনিয়াৰিং ওৱকৰ্চত কৰ্মৰত শ্ৰমিকসকলৰ নিৰাপত্তা নথকাৰ বাবে এনে ভয়ংকৰ ঘটনা সংঘটিত ।

লগতে পঢ়ক : Road Accident in Teok: বাইক আৰু মাৰুতি বাহনৰ মাজত মুখামুখী সংঘৰ্ষ;আহত বাইক আৰোহী