Local, Vocal, Global

Road accident in Darrang : দলগাঁৱত সংঘটিত হোৱা পথ দুৰ্ঘটনা নিহত এজন কিশোৰ

দলগাঁৱ, ১১জুন : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে।

ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক । ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসন।

এইবাৰ দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বটাবাৰীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Darrang)৷ এখন ডাম্পাৰে মহতিয়াই লৈ গ’ল চাইকেল চলাই গৈ থকা কিশোৰক। ফলত থিতাতে নিহত হ’ল কিশোৰজন ৷
আজি দিনৰ প্ৰায় ১১বজাত দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বটাবাৰী অঞ্চলত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো (Road accident)।

প্ৰাপ্ত তথ্য অনুসৰি, চাইকেলেৰে ঘৰলৈ আহি থকা অৱস্থাত বেছিমাৰী ফালৰ পৰা অহা তীব্ৰবেগী ডাম্পাৰখনে মহতিয়াই নিলে আলাউদ্দিন (১৭) নামৰ কিশোৰজনক । মৃত আলাউদ্দিনৰ ঘৰ বটাবাৰীত বুলি জানিব পৰা গৈছে। যুৱকজনৰ মৃত্যুত বটাবাৰীত পৰিছে শোকৰ ছাঁ ।

ইফালে দুঘটনা সংঘটিত কৰা AS13C8122 নম্বৰৰ তীব্ৰবেগী ডাম্পাৰখন দলগাঁও আৰক্ষী আৰু পৰিবহণ বিভাগৰ লোকে স্থানীয় ৰাইজৰ সহযোগত জব্দ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে দলগাঁৱকে ধৰি সমগ্ৰ অঞ্চলটোত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা । ইয়াৰ পিছটো এই ডাম্পাৰৰ চালকৰ অতপালি ৰোধ কৰিবলৈ জিলাখনৰ স্থানীয় আৰক্ষী তথা পৰিবহণ বিভাগে বিশেষ তত্পৰতা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

লগতে পঢ়ক : Arms seized : কৰিমগঞ্জত অস্ত্ৰসহ আটক পাঁচজনীয় ডকাইতৰ দল