Local, Vocal, Global

Youth died after falling into Dimow River while bathing : ডিমৌ নদীত বন্ধু সৈতে গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ

ধেমাজি,২১ছেপ্তেম্বৰ : গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ ।

গৰমৰ বাবে অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা ডিমৌ নদীত বন্ধু সৈতে গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ ।

আজি উদ্ধাৰ কৰা হয় যুৱক জনৰ মৃতদেহ। ৰাইজৰ সহযোগত আৰক্ষী আৰু SDRF বাহিনীয়ে চলোৱা অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম মৃতদেহ।

শুকুৰবাৰৰ বিয়লি সংঘটিত হৈছিল এই ঘটনা(Youth died after falling into Dimow River while bathing)।

জানিব পৰা মতে, শুকুৰবাৰে চিলাপথাৰ ফুলবাৰীৰ বিজয় চেত্ৰীয়ে (২৪) দুজনমান লগৰীয়াৰ সৈতে ডিমৌ নদীত গা ধুবলৈ গৈছিল। গা ধুই থাকতে হঠাতে নদীৰ দ অংশত আৱদ্ধ ডুব যায় যুৱকজন।তাৰ পিছতে

বহু বিচাৰ সোচৰ কৰে যদিও উদ্ধাৰ নহ’ল নিখোজ যুৱক জনৰ মৃতদেহ।অৱশেষত আজি ৰাইজৰ সহযোগত অসম আৰু অৰুণাচল প্ৰদেশৰ আৰক্ষীৰ জোৱান সকলে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল যুৱকজনৰ মৃতদেহটো।

যুৱকজন সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ অন্তৰ্গত মালিনীপুৰ আঞ্চলিকৰ সমিতিৰ এজন সক্ৰিয় সদস্য আছিল ।

যুৱক জনৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সংগঠনটোৰ ধেমাজি জিলা সামিতিয়ে।

লগতে পঢ়ক :Rs 7000 Cr DB Stock Broking scam: প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃক গ্ৰেপ্তাৰ