Local, Vocal, Global

Youth Congress protest in Silchar : শিলচৰত যুৱ কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ;মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ কাছাৰ জিলা যুৱ কংগ্ৰেছ কৰ্মীৰ

নিউজ ডেস্ক,২৫জুলাই : শিলচৰত যুৱ কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ । মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ কাছাৰ জিলা যুৱ কংগ্ৰেছ কৰ্মীৰ ।একেলগে মন্ত্ৰী পীযুষ হাজৰীকা আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্তলিকা । শিলচৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা এক সমদল কৰি চহৰৰ পাৰ্কৰোড পইন্টত তিনিওৰে পুত্তলিকা দাহ কৰে যুৱ কংগ্ৰেছ কৰ্মীসকলে ।

বাজেটৰ বিৰোধিতা আৰু বিহাৰত কেন্দ্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস ভি বিক আক্ৰমণৰ প্ৰতিবাদত শিলচৰত তিনিওৰে পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কাছাৰ জিলা যুৱ কংগ্ৰেছ কৰ্মীয়ে(Youth Congress protest in Silchar) ।

যুৱ কংগ্ৰেছীসকলৰ অভিযোগ, ২০২২ চনত প্ৰলয়ংকৰী বানে সমগ্ৰ শিলচৰ চহৰৰ তচনচ কৰিছিল । এইবাৰৰ বাজেটত দেশৰ আন ৰাজ্যক বান সাহায্য হিচাপে বিশেষ পেকেজ দিয়া হৈছে ।কিন্ত অসমক দিয়া হোৱা নাই কোনো বিশেষ পেকেজ ।

যাৰ বিৰোধিতাৰে বৃহস্পতিবাৰে যুৱ কংগ্ৰেছীসকলে শিলচৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ পুত্তলিকা দাহ কৰে(Youth Congress protest in Silchar) ।

লগতে পঢ়ক : Sex racket in Majuli : মাজুলীৰ একাংশ ল’জ আৰু ৰিজৰ্টত অবৈধ নাৰী দেহ ব্যৱসায় চলাই থকাৰ অভিযোগ