Local, Vocal, Global

Youth body found on Roadside in Jorhat : ৰহস্যজনক অৱস্থাত ৰাস্তাৰ কাষতে উদ্ধাৰ যুৱকৰ মৃতদেহ

যোৰহাট,২০আগষ্ট : পুনৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ ।

যোৰহাটৰ নগৰৰ নিকটৱৰ্তী ফাঁচি আলিৰ ধুবীঘাটত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ মঙলবাৰে পুৱাই ৰহস্যজনক অৱস্থাত ৰাস্তাৰ কাষতে উদ্ধাৰ যুৱকৰ মৃতদেহ ৷ মৃত যুৱকজন যোৰহাট ৰজামৈদামৰ নিউকলনিৰ ওচমান আলীৰ পুত্ৰ ফৰিদ আলী (২৭) বুলি চিনাক্ত কৰা হৈছে ৷

যোৰহাট নগৰ নিকটৱতী যোৰহাট ৰজামৈদামৰ নিউকলনীৰ পৰা প্ৰায় ৪ কিলোমিটাৰ নিলগৰ ফাঁচি আলি ধুবীঘাটত ৰহস্যজনক অৱস্থাত স্থানীয় লোকে এটা মৃতদেহ প্ৰত্যক্ষ কৰে ৷ তাৰ পাচতে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি চিনাক্ত কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰে(Youth body found on Roadside in Jorhat) ৷

পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি, মৃত যুৱকজন পূৰ্বতে ড্ৰাগছ সেৱন কৰিছিল ৷ কিন্তু প্ৰায় এবছৰ পূৰ্বে ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হৈ তেওঁ সাধাৰণ জীৱন যাপন কৰা লগতে গাড়ী চালক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে ৷

পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি ফৰিদ আলীৰ মৃত্যু স্বাভাৱিক নহয়, কোনো লোকে পৰিকল্পিতভাৱে হত্যা কৰি এই স্থানত পেলাই দিছে ৷

লগতে পঢ়ক : Bangladeshi nationals apprehended : অসম আৰক্ষীৰ জালত ৪ বাংলাদেশী নাগৰিক