Local, Vocal, Global

Youth Body Found in parbatjhara : হাবিত উদ্ধাৰ অৰ্ধগলিত যুৱকৰ মৃতদেহ

নিউজ ডেস্ক,২৬অক্টোবৰ : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Youth Body Found in parbatjhara)।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ এইবাৰ পৰ্বতঝোৰাত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ।

পৰ্বতঝোৰাৰ হাবিৰ মাজত শনিবাৰে উদ্ধাৰ যুৱকৰ অৰ্ধগলিত মৃতদেহ। এডাল গছত চিপ লৈ উলমি থকা অৱস্থাত উদ্ধাৰ হয় মৃতেহটো।

উদ্ধাৰ হোৱা মৃতদেহ থুৰীয়া পাহাৰৰ আব্দুল মতিন ফকীৰ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে যোৱা ২০ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছিল আব্দুল।পৰিয়ালৰ লোকে বিচাৰ খোচৰ কৰে যদিও কোনো সুং-সুত্ৰ নাপায় আব্দুলৰ । কিন্তু আজি হঠাত্ চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত দণ্ডাধীশৰ সৈতে উপস্থিত হয় স্থানীয় আৰক্ষী। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰিছে।

বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব এয়া হত্যা নে আত্মাহত্য়া।

লগতে পঢ়ক :Elephant Safari to Open for Tourists in Kaziranga :১ নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ব ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী