Local, Vocal, Global

Self reliant Jamugurigat : ড্ৰেগন ফলৰ খেতি কৰি স্বাৱলম্বী হৈছে জামুগুৰিহাটৰ এজন যুৱক

জামুগুৰিহাট, ৯জুলাই : এজন যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা । খেতিৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে এজন যুৱকে । যিসময়ত ৰাজ্যৰ একাংশই কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলি আহিছে, তেনে সময়তে কৃষি কৰ্মত জড়িত হৈ জামুগুৰিহাটৰ এজন যুৱক আনসকলৰ বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ । (Self reliant Jamugurigat) ।

জামুগুৰিহাটৰ এগৰাকী শিক্ষিত যুৱক । যুৱকজনৰ নাম চত্ৰ বছনেট । ঘৰৰ এবিঘা মাটিত বিজ্ঞানসন্মতভাৱে কৰিছে ড্ৰেগন ফলৰ খেতি । এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে ড্ৰেগন ফলৰ খেতি কৰি পোৱা উপাৰ্জনৰ ধনেৰে নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে ঘৰৰ পৰিয়ালটোকো সুন্দৰভাৱে দিব পাৰিছে পোহপাল (Self Reliant by Dragon Fruit cultivation)।

যি সময়ত ৰাজ্যৰ একাংশ যুৱক যুৱতীয়ে কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গৈ কাম কৰিছে তেনে সময়তে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ২ নং বৰদিকৰাইৰ বাসিন্দা চত্ৰ বছনেটে নিজৰ ঘৰতে থাকি এই কৃষি কৰ্মৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে আনৰ বাবেও হৈ পৰিছে এক সুন্দৰ নিদৰ্শন (Self reliant Jamugurigat) ৷

বৰ্তমান চত্ৰ বছনেটে এবিঘা মাটিতে ড্ৰেগন ফলৰ খেতি কৰি আহিছে যদিও আগন্তুক দিনত মাটিৰ পৰিসৰ তিনি বিঘালৈ সম্প্ৰসাৰনৰ প্ৰস্তুতি চলাইছে । সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে এই ড্ৰেগন ফলৰ খেতি কৰি স্বাৱলম্বী হোৱা যুৱকজনৰ প্ৰচেষ্টাক এতিয়া সকলোৱে লৈছে শলাগ ।(Youth become self sufficient by growing dragon fruit in Jamugurihat) ।

লগতে পঢ়ক : Amarnath Yatra 2023: বতৰ উন্নত হোৱাৰ লগে লগে পহলগাম পথত পুনৰ আৰম্ভ অমৰনাথ যাত্ৰা