Local, Vocal, Global

Youth Allegedly Killed By JCB Excavator In West Bengal : নৃশংস হত্যাকাণ্ড ; জেচিবিৰে খুন্দিয়াই হত্যা অসমৰ যুৱকক

নিউজ ডেস্ক, ২০ ডিচেম্বৰ : নৃশংস হত্য়াকাণ্ড । জেচিবিৰে খুন্দিয়াই হত্যা অসমৰ যুৱকক । অসমত বহি: ৰাজ্যৰ বালি মাফিয়াৰ গুন্দাগিৰি ।

গোসাঁইগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা । গোসাঁইগাঁৱত এগৰাকী বহি: ৰাজ্যৰ বালি মাফিয়াই ডিঙি কাটি হত্যা কৰিলে অসমৰ যুৱকক ।

উল্লেখ্য যে, গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ জাৰাগুৰী পিজিআৰ গাঁৱৰ সমীপত পশ্চিম বংগৰ সংকোষ নদীত শিল বালি খান্দি থকা সময়তে ১০ হাজাৰ টকাৰ লেনদেনৰ বাবে কাজিয়া হৈ জেচিবিৰে খুন্দিয়াই হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। মঙলবাৰে বিয়লি পশ্চিম বংগৰ নিউ পূৰ্ব চালবাৰীৰ বাসিন্দা জয়দেৱ ৰায়ৰ পুত্ৰ মৃদুল ৰায় নামৰ জেচিবি চালকে গোসাইগাঁৱৰ জাৰাগুৰী পিজিআৰ গাঁৱৰ বাসিন্দা নাসিৰ উদ্দিনৰ পুত্ৰ আমিৰ হুসেন মিয়াক (২৮) জেচিবিৰে খুন্দিয়াই হত্যা কৰে ৷ ১০ হাজাৰ টকাৰ বিনিময়ত জেচিবিৰে খুন্দিয়াই হত্যা কৰিলে যুৱককজনক(Youth Allegedly Killed By JCB Excavator In West Bengal) ।

জানিব পৰা মতে, ঘটনা সংঘটিত হোৱা ঠাইত দীৰ্ঘদিন ধৰি অবৈধ ভাবে শিল বালি খান্দি অসমৰ পথৰে দিনে নিশাই অবৈধ শিল বালিৰ বেহা চলিছে বুলি অভিযোগ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা পশ্চিম কোকৰাঝাৰ সমিতিয়ে! আনহাতে পশ্চিম বংগ আৰক্ষীয়ে হত্যাকাণ্ডৰ কোনো তদন্ত আৰম্ভ কৰা নাই বুলিও অভিযোগ কৰে একাংশই(Assam Youth Allegedly Killed by JCB Digger in West Bengal Sparks Outrage) ।

ইফালে ঘটনা সন্দৰ্ভত পশ্চিম বংগ আৰক্ষীয়ে যদি আমিৰ হুসেন মিয়াৰ হত্যাকাৰী মৃদুল ৰায়ক অতি সোনকালে গ্ৰেপ্তাৰ নকৰে তেন্তে জংগি আন্দোলনৰ হুংকাৰ দিয়ে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই৷

উল্লেখ্য কৰা প্ৰয়োজন যে, ৰাজ্যত অবাধ গতিত নৈৰ বুকুত চলি আছে শিল আৰু বালিৰ খনন । দিনে নিশাই ড্ৰেজাৰ মেচিন, ফক লেনেৰে নৈৰ বুকুৰ পৰা আহৰণ কৰিছে শিল, বালি । শিল বালিৰ মাফিয়াক যেন বাধা দিবলৈ নাই কোনো । বন বিভাগৰ নিষ্ক্ৰীয়তাক লৈ সন্দেহ স্থানীয় তথা সচেতন মহলত(Illegal Sand Mining ) ।

প্ৰশ্ন হয়, বন বিভাগৰ সৈতে গোপন মিতিৰালিৰে চলিছে নেকি বালিৰ অবৈধ খনন কাৰ্য ? কিয় বন বিভাগে এই বালিৰ বৃহৎ চিণ্ডিকেটৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ।

ৰাজ্যত অব্যাহত আছে শিল-বালিৰ বৃহৎ চিণ্ডিকেট । বন আইন উলংঘা কৰি চৰকাৰৰ লাখ-লাখ টকা ৰাজহ ফাঁকি দি অহৰ্নিশে চলাই গৈছে শিল-বালিৰ অবৈধ খনন কাৰ্য । নিৰ্বিকাৰ হৈ আছে বন বিভাগ ।

বিভাগীয় বিষয়াক মেনেজ কৰি এনেদৰে বছৰ-বছৰ ধৰি চিণ্ডিকেট চক্ৰই চলাই গৈছে নেকি ৰমৰমীয়া বেহা !

লগতে পঢ়ক :Congress Likely to Launch Bharat Jodo Yatra 2.0 : ২০২৪ ৰ আৰম্ভণিতে কংগ্ৰেছে পুনৰ আৰম্ভ কৰিব ‘ভাৰত জোড়ো যাত্ৰা’