Sidhu Moose Wala হত্যাকাণ্ডৰ আটাইতকৈ কনিষ্ঠ Shooterক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৪ জুলাই : Sidhu Moose Wala হত্যাকাণ্ডৰ আটাইতকৈ কনিষ্ঠ Shooter Ankit Sirsaক দিল্লীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে ১৯ বছৰীয়া চিৰচাক মুজৱালাৰ হত্যাৰ মুখ্য Shooter হিচাপে বৰ্ণনা কৰিছিল আৰু কৈছিল যে তেওঁ Lawrence Bishnoi দলৰ সদস্য।
দেওবাৰে নিশা দিল্লীৰ এখন বাছৰ terminalৰ পৰা আৰক্ষীয়ে চিৰচাক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ মতে, ১৮ বছৰীয়া যুৱকজন শ্বুটাৰৰ আটাইতকৈ নিকটতম আছিল আৰু তেওঁ মুজৱালাৰ ওপৰত ছয়টা গুলী চালনা কৰিছিল।
আনহাতে, তেওঁৰ এজন সহযোগী শচীন বীৰমণিকো জিম্মাত লোৱা হৈছে।
উল্লেখযোগ্য যে, ২৮ বছৰীয়া পাঞ্জাৱী ৰেপাৰ আৰু গায়ক সিদ্ধু মুজ ৱালাক ২৯ মে’ত পঞ্জাৱত এটা আক্ৰমণকাৰীৰদলে গুলীয়াই হত্যা কৰিছিল। আৰু গুলীবিদ্ধ হোৱাৰ ১৫ মিনিটৰ ভিতৰতে তেওঁৰ মৃত্যু হয়।
চিকিৎসকসকলে তেওঁৰ শৰীৰৰ পৰা প্ৰায় ১৯ টা slug উদ্ধাৰ কৰিছিল। গোচৰটোৰ মূল অভিযুক্ত হৈছে গেংষ্টাৰ লৰেন্স বিষ্ণোই, যাক আৰক্ষীয়ে বিশ্বাস কৰে, কাৰাগাৰৰ পৰা হত্যাৰ পৰিকল্পনা কৰিছিল।