Local, Vocal, Global

Young woman stabbed for rejecting love proposal in Batadrava:প্ৰেম প্ৰত্যাখ্যানৰ কৰাৰ বাবে পুনৰ প্ৰেমিকৰ ভয়ংকৰ আক্ৰমণৰ বলি যুৱতী

নগাঁও,২৮ডিচেম্বৰ : প্ৰেম প্ৰত্যাখ্যানৰ কৰাৰ বাবে পুনৰ প্ৰেমিকৰ ভয়ংকৰ আক্ৰমণৰ বলি যুৱতী। এইবাৰৰ স্থান নগাঁও।

নগাঁৱৰ এখন ব্যক্তিগত হাস্পতালত কৰ্মৰত নাৰ্চক আক্ৰমণ।মূমুৰ্ষূ অৱস্থাত বটদ্ৰৱাৰ ভোমোৰাগুৰিত উদ্ধাৰ যুৱতীগৰাকী। সম্প্ৰতি চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজি আছে যুৱতীগৰাকীয়ে(Young woman stabbed for rejecting love proposal in Batadrava)।

প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই বিল্লাল উদ্দিন নামৰ যুৱকজনে ছুৰিৰে আক্ৰমণ কৰে আকলিমাক।

অভিযোগ অনুসৰি বিল্লাল উদ্দিন নামৰ যুৱকজনে আকলিমাক প্ৰেমৰ প্ৰস্তাৱৰ দিছিল। আকলিমাই প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই প্ৰথমে চেতনা নাশক দ্ৰব্য খোৱাই অচেতন কৰে। তাৰ পিছত যুৱতী গৰাকীৰ পেটত ছুৰিকাঘাত কৰে। অভিযোগ অনুসৰি যুৱতীগৰাকী কৰ্মৰত অৱস্থাত ৩ বান্ধবীয়ে হাস্পতালৰ পৰা ওচৰৰ এখন হোটেললৈ মাতি নি চাওমিনৰ লগত চেতনা নাশক দ্ৰব্য খুৱাইছিল আৰু তাৰ পিছতে অচেতন হৈ পৰে যুৱতীগৰাকী।

আনকি যুৱতীগৰাকী হাস্পতালৰ ওলাই যোৱাৰ দৃশ্য বন্দী চিচি টিভি কেমেৰাত। কিন্তু তাৰ পিছতেই বটদ্ৰৱাৰ ভোমোৰাগুৰিত মূমুৰ্ষূ অৱস্থাত উদ্ধাৰ কৰে বটদ্ৰৱা আৰক্ষীয়ে যুৱতী গৰাকীক। যুৱতী গৰাকীৰ পেটত ছুৰীৰে আক্ৰমণ কৰি হাত ভৰি বান্ধি থোৱা অৱস্থাত বটদ্ৰৱা আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰিছিল।

বৰ্তমানেও এখন ব্যক্তিগত হাস্পতালৰ আই চিউৰ কোঠাত জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে আকলিকা খাতুন। ঘটনা সন্দৰ্ভত পৰিয়াল লোকে প্ৰথম হয়বৰগাঁও আৰক্ষী চকীৰ কাষ চাপিছিল, কিন্তু হয়বৰগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ মেধিয়ে সেয়া তেওঁৰ এলেকাৰ বাহিৰত বুলি কৈ গোচৰ ৰুজু কৰা নাছিল। ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি উপায়ন্তৰ হৈ নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে।

লগতে পঢ়ক :Sensational Incident :পৰকীয়া প্ৰেমৰ বাবে স্বামীক হত্যা কৰাৰ অভিযোগ