Local, Vocal, Global

Young woman killed in wild Elephant attack in Baksa : পাগলাদিয়া নৈৰ সুতিত গা ধুৱলৈ গৈ দতাল হাতীৰ আক্ৰমণত মৃত্য়ু যুৱতীৰ

নিউজ ডেস্ক,৮আগষ্ট : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Young woman killed in wild Elephant attack in Baksa) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ। ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালৈক বাক্সাত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ।

বাক্সাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত প্ৰতিদিনে বাক্সা জিলাৰ ওচৰৰ পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে ভাৰত -ভূটান সীমান্ত অঞ্চলত বাসকৰা লোকৰ ঘৰ – দুৱাৰ ,খেতি- বাতি খাই তহিলং কৰাৰ লগতে হাতীৰ আক্ৰমণত ইতিমধ্যে প্ৰাণ হেৰুৱাব লগা হৈছে বহুকেইগৰাকী লোক । বৃহস্পতিবাৰে পুৱা পুনৰ বাক্সা জিলাৰ ভাৰত – ভূটান সীমান্তৰ সুৱনখাটা সুন্দৰিপাৰাত সংঘটিত হয় হাতী-মানুহৰ সংঘাট।

জানিব পৰা মতে, গিতিকা তালুকদাৰ নামৰ যুৱতীগৰাকীয়ে ওচৰতে থকা পাগলাদিয়া নৈৰ সুতিত গা ধুৱলৈ গৈছিল । সেই সময়তে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা এটা দতাল হাতীয়ে আক্ৰমন কৰে যুৱতীগৰাকীক । হাতীৰ চিঞৰ শুনি পৰিয়ালৰ লোক ওলাই যোৱাত পাগলাদিয়া নৈৰ সূতিত যুৱতী গৰাকী পৰি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰি সুৱনখাটা ৰাজ্যিক চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।

ইয়াৰ পাছতে যুৱতীগৰাকীৰ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মুছলপুৰত থকা ডা: ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ । ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিতহৈ খবৰ কৰে মৃতকৰ পৰিয়ালটোৰ(Young woman killed in wild Elephant attack in Baksa) ।

লগতে পঢ়ক :Drugs peddler arrested : বটদ্ৰৱাত নিষিদ্ধ দ্ৰব্য সৰবৰাহৰ অপৰাধত আটক এজন লোকক