Local, Vocal, Global

Young woman from Assam working at ICICI Bank found dead in Pune : পুনেত ICICI বেংকত কৰ্মৰত এগৰাকী অসমীয়া যুৱতীৰ অকাল মৃত্যু

নিউজ ডেস্ক,৩০জুলাই : প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ(Young woman from Assam working at ICICI Bank found dead in Pune)৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে।বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা।

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱতীৰ। পুনেত ICICI বেংকত কৰ্মৰত এগৰাকী অসমীয়া যুৱতীৰ অকাল মৃত্যু। মৃত যুৱতীগৰাকী তিনিচুকীয়া জিলাৰ ফিল’বাৰী গাভৰুভেঁটিৰ বুলি জানিব পৰা গৈছে। গাভৰুভেঁটিৰ পঞ্চায়তৰ প্ৰাক্তন সচিব প্ৰয়াত অচ্যুত বৰপাত্ৰ গোহাঁইৰ জ্যেষ্ঠ কন্যা পল্লৱী (প্লাবিতা) বৰপাত্ৰ গোহাঁই নামৰ যুৱতীগৰাকীৰ অকাল মৃত্যু। পল্লৱীৰ অকাল মৃত্যুত ফিল’বাৰীত শোকাকুল পৰিৱেশ।

জানিব পৰা অনুসৰি ব্ৰেইন ষ্ট’ক হৈ পল্লৱী বৰপাত্ৰ গোহাঁইৰ মৃত্যু হৈছে।

উল্লেখ্য যে প্ৰায় ৮ বছৰ ধৰি পুনেতে আছে পল্লৱী বৰপাত্ৰ গোহাঁই। বিগত ৫ বছৰ ধৰি ICICI বেংকত চাকৰি কৰি আছিল অসমৰ পল্লৱী বৰপাত্ৰ গোহাঁয়েই। পল্লৱীৰ ঘৰত মাতৃ, ভগ্নী আৰু ভাতৃ আছে। ২৮ বছৰতে পল্লৱীৰ অকাল মৃত্যু সকলোকে স্তম্ভিত কৰি তুলিছে(Young woman from Assam working at ICICI Bank found dead in Pune)।

লগতে পঢ়ক :Assam CM’s Convoy in Guwahati Reduces to 10 vehicles : মুখ্যমন্ত্ৰীৰ জিলা ভ্ৰমণৰ সময়ত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক মিলি ১০খনৰ অধিক বাহন থাকিব নোৱাৰিব কনভয়ত