Young Man Married Third Gender : তৃতীয় লিংগৰ লগত বিয়া পাতি বিপদত এজন ব্যক্তি, হত্যাৰ ভাবুকি পৰিয়ালৰ
নেশ্যনেল ডেস্ক, ২৬ জুলাই : তৃতীয় লিংগৰ ব্যক্তিৰ সৈতে বিয়া পাতি বিপদত পৰিছে এজন যুৱক(Young Man Married Third Gender) । বিবাহৰ পাছতে তৃতীয় লিংগৰ ব্যক্তি আৰু যুৱকজনক হত্যাৰ ভাবুকি দিছে পৰিয়ালে । আনহাতে তৃতীয় লিংগৰ বোৱাৰীৰ পৰা ৬০ লাখ টকাৰ যৌতুক বিচাৰিছে যুৱকজনৰ পৰিয়ালৰ লোকে ।
আমি ক’বলৈ উলাইছোঁ এটা বিশেষ প্ৰেমৰ সম্পৰ্কৰ কথা । এগৰাকী তৃতীয় লিংগৰ ব্যক্তিৰ লগত বিবাহপাশাত আৱদ্ধ হোৱাই হ’ল কাল, যাৰ বাবে হত্যাৰ ভাবুকি দিলে পৰিয়ালৰ লোকে ।
ইনষ্টাগ্ৰামত চিনাকী হৈ পাছত প্ৰেমত পৰিছিল দুয়ো (
ইনষ্টাগ্ৰামত চিনাকী হৈ পাছত প্ৰেমত পৰিছিল দুয়ো (। তাৰপিছতেই বিবাহ পাশত আৱদ্ধ হ’ল এজন যুৱক আৰু তৃতীয় লিংগৰ ব্যক্তি । পিছে বিয়া পাতি সুখী হ’ব পৰা নাই তেওঁলোক । কিয়নো তৃতীয় লিংগৰ ব্যক্তি হোৱাৰ বাবেই পৰিয়ালৰ অত্যাচাৰৰ সন্মুখীন দম্পতীহাল (
ইনষ্টাগ্ৰামত চিনাকী হৈ পাছত প্ৰেমত পৰিছিল দুয়ো (। তাৰপিছতেই বিবাহ পাশত আৱদ্ধ হ’ল এজন যুৱক আৰু তৃতীয় লিংগৰ ব্যক্তি । পিছে বিয়া পাতি সুখী হ’ব পৰা নাই তেওঁলোক । কিয়নো তৃতীয় লিংগৰ ব্যক্তি হোৱাৰ বাবেই পৰিয়ালৰ অত্যাচাৰৰ সন্মুখীন দম্পতীহাল(After love on Instagram young man married third gender)। তাৰপিছতেই বিবাহ পাশত আৱদ্ধ হ’ল এজন যুৱক আৰু তৃতীয় লিংগৰ ব্যক্তি । পিছে বিয়া পাতি সুখী হ’ব পৰা নাই তেওঁলোক । কিয়নো তৃতীয় লিংগৰ ব্যক্তি হোৱাৰ বাবেই পৰিয়ালৰ অত্যাচাৰৰ সন্মুখীন দম্পতীহাল।
বিহাৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা । বিহাৰৰ ৰাজধানী পাটনাত অৱস্থিত দনাপুৰত এজন যুৱকে তৃতীয় লিংগৰ সৈতে প্ৰেম বিবাহ কৰিছিল । বিবাহৰ পাছতে পৰিয়ালৰ লোকে মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিয়ে দম্পতীহালক । তৃতীয় লিংগৰ সৈতে প্ৰেম বিবাহৰ বাবে পৰিয়ালৰ লোকে যুৱকজনক কোবাই ঘৰৰ পৰা খেদি পঠিয়াইছিল । বিবাহৰ পাছতে তৃতীয় লিংগৰ ব্যক্তি আৰু যুৱকজনক হত্যাৰ ভাবুকি দিয়ে পৰিয়ালে ।
তথ্য অনুসৰি ৰবি কুমাৰে উপায়হীন হৈ নিজ পিতৃ-মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ বিৰুদ্ধে আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰে । অভিযোগ অনুসৰি বিয়াৰ পাছতে পৰিয়ালৰ লোকসকলে তেওঁক প্ৰহাৰ কৰিছে আৰু তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিছে । একে সময়তে, যুৱকজনক হত্যা কৰাৰ ভাবুকিও দিছে পৰিয়ালৰ লোকে । আনহাতে তৃতীয় লিংগৰ বোৱাৰীৰ পৰা ৬০ লাখ টকাৰ যৌতুকো বিচাৰিছে যুৱকজনৰ পৰিয়ালৰ লোকে ।
উল্লেখ্য যে দুবছৰ পূৰ্বে ইনষ্টাগ্ৰামৰ জড়িয়তে দৰভঙাৰ তৃতীয় লিংগ অধিকাৰ চৌধুৰী সিঙৰ সৈতে ৰবি কুমাৰ নামৰ যুৱকজনৰ যোগাযোগ আৰম্ভ হৈছিল । কথা-বতৰা আৰম্ভ হোৱাৰ পিছতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে । তেওঁলোকে ২০২৩ চনৰ ২৫ জুনত এটা মন্দিৰত বিবাহ পাশত আৱদ্ধ হয় । বিবাহৰ পাছত পত্নীক ঘৰলৈ লৈ যোৱাৰ পিছত পিতৃ, মাতৃ আৰু জ্যেষ্ঠ ভাতৃয়ে যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ কৰে । লগতে তেওঁলোকক ঘৰৰ পৰা বাহিৰ কৰি দিয়া বুলিও যুৱকজনে অভিযোগ উত্থাপন কৰে ।
দম্পতীহালে অভিযোগ কৰা অনুসৰি যোৱা ১৩ জুলাইত বাইকত অহা দুৰ্বৃত্তই তেওঁলোকক হত্যাৰ চেষ্টা কৰিছিল । অৱশ্যে কোনোমতে তেওঁলোকে প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিছে । যুৱকজনে অভিযোগ কৰা মতে তেওঁ পৰিয়ালৰ লোকসকলে পত্নীক কিন্নৰ বুলি কৈও বাৰে বাৰে অপমানিত কৰিছে । দানাপুৰ আৰক্ষীয়ে জনোৱা মতে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে ।
বৰ্তমান আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰি অধিক ব্যৱস্থা গ্ৰহণ কৰিছে। আক্ৰমণৰ উপৰিও যুৱকজনে যৌতুক হাৰাশাস্তিৰ গোচৰো দাখিল কৰিছে। ইয়াৰ সমান্তৰালকৈ অপহৰণ আৰু হত্যাৰ ষড়যন্ত্ৰৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ উপৰিও ভুৱা গোচৰত জড়িত কৰাৰ ভাবুকি দিয়াৰ কথাও চৰ্চা হৈছে । পিতৃ আৰু ভাতৃৰ বিৰুদ্ধে দনাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱকজনে। ইয়াৰ লগতে তেওঁ নিৰাপত্তাৰ বাবে অনুৰোধ জনাইছে ।
লগতে পঢ়ক : Dhemaji woman commits suicid : ৭ মাহৰ গৰ্ভৱতী মহিলাৰ ৰহস্যজনক মৃত্যু, চীপ লোৱা অৱস্থাত উদ্ধাৰ…