Young man drowns in pond while bathing : পুখুৰীত গা ধুবলৈ গৈ নিৰুদ্দেশ দেৱেন শইকীয়া নামৰ এজন লোক

নিউজ ডেস্ক,১জুলাই : পুখুৰীত গা ধুবলৈ গৈ নিৰুদ্দেশ এজন লোক । বৰ্তমানলৈ সন্ধানহীন দেৱেন শইকীয়া নামৰ লোকজন ।
যোৰহাটতো এজন লোক নিৰুদ্দেশ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্যৰ ৷
প্ৰাপ্ত তথ্য অনুসৰি, তিতাবৰৰ ৰঙাজানৰ এক নং মৰাণগাঁৱৰ দেৱেন শইকীয়া নামৰ ব্যক্তিজন দেওবাৰে বিয়লিৰ পৰা সন্ধানহীন হৈ আছে৷
লোকজনৰ বাসগৃহৰ সমীপতে থকা এটা পুখুৰীত গা ধুবলৈ যোৱাৰ পিছৰে পৰা তেওঁৰ কোনো খবৰ লাভ কৰা নাই পৰিয়ালৰ লোকে ৷ অৱশ্যে দেৱেন শইকীয়াৰ পৰিয়ালে তেওঁ ব্যৱহাৰ কৰা চেণ্ডেল আৰু পোছাক পুখুৰীটোৰ পাৰত প্ৰত্যক্ষ কৰি হুৱাদুৱা লগায়(Young man drowns in pond while bathing) ৷
পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে ব্যক্তিজনৰ সন্ধানত বিচাৰ-খোঁচাৰ আৰম্ভ কৰে যদিও ব্যৰ্থ হয় ৷ উপায়বিহীন পৰিয়ালৰ লোকে এই সম্পৰ্কে আৰক্ষীক অৱগত কৰে ৷ আৰক্ষীয়ে এই খবৰ লাভ কৰি নিশাৰ ভাগতে এছ ডি আৰ এফৰ সৈতে উপস্থিত হয় ঘটনাস্থলীত । এছ ডি আৰ এফৰ এটা উদ্ধাৰকাৰী দলে অভিযান আৰম্ভ কৰাৰ পিছতে উক্ত স্থানত উপস্থিত হয় এন ডি আৰ এফৰ এটা দল ৷
অৱশ্যে উদ্ধাৰকাৰী দল দুটাই এই পৰ্যন্ত ব্যক্তিজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ তাপৰ্যপূৰ্ণ যে, কেইটামান দিনৰ আগতেই তিতাবৰৰ আন এক অঞ্চলৰ এটা পুখুৰীত পৰি দুজনকৈ ছাত্রৰ সলিল সমাধি ঘটিছিল ।
লগতে পঢ়ক : Man Drowned in Flood Waters in Tinsukia : ডুমডুমা নৈৰ জানত পৰি সন্ধানহীন এজন লোক