Local, Vocal, Global

কাৰেংঘৰৰ বাকৰিত যোগ দিৱস উদযাপন

নিউজ ডেস্ক, ২১ জুন : আজি আন্তজাৰ্তিক যোগ দিৱস উপলক্ষে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু নাজিৰা মহকুমা প্ৰশাসনৰ সহযোগত ঐতিহাসিক গড়গাওঁৰ কাৰেংঘৰৰ বাকৰিত যোগ দিৱস উদযাপন কৰা হয় ৷

এই যোগদিৱস কাৰ্যসূচীত অসম বিধানসভাৰ উপাধ্যক্ষ ডা° নোমল মমিন উপস্থিত থাকি যোগাভ্যাস কৰাৰ লগতে যোগৰ উপকাৰিতা সম্পৰ্কে ব্যাখ্যা কৰে ৷

অনুষ্ঠানত নাজিৰা মহকুমাৰ মহকুমাধিপতি (SDO) Sabyasachi Kashyapৰ লগতে মহকুমাৰ প্ৰশাসনিক বিষয়া, আৰক্ষী লগতে স্থানীয় বহুসংখ্যক জনতাই অংশগ্ৰহণ কৰে ৷