Cyber Crime in Assam : অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল

নিউজ ডেস্ক , ৫ নৱেম্বৰ : অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল । ৰাজ্যত সক্ৰিয়া হৈ আছে চাইবাৰ অপৰাধী। ৰাজ্যত চলিছে চাইবাৰ অপৰাধীৰ দপদপনি ৷ চাইবাৰ অপৰাধীৰ ঘাটিলৈ পৰিণত হ’বলৈ ধৰিছে মধ্য অসম(Cyber criminal arrested ) ৷
চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সজাগ হৈছে অসম আৰক্ষী । বিভিন্ন সময়ত অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ ঘাটি উৎখাত কৰি আহিছে । মধ্য অসমৰ চাইবাৰ অপৰাধীৰ ঘাটিত অসম আৰক্ষীৰ অভিযান ৷
মধ্য অসমত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ অপৰাধীৰ সংখ্যা ৷ ইয়াৰ সমান্তৰালকৈ প্ৰতিদিনেই চাইবাৰ অপৰাধীৰ ঘাটি কঁপাইছে মৰিগাঁও আৰক্ষীয়ে(Cyber Crime in Assam) ৷
বিগত দিনত নগাঁও, মৰিগাঁও আৰক্ষীয়ে চাইবাৰ অপৰাধী বিৰুদ্ধে অভিযান চলাই আছে । এই অভিযান নগাঁও, মৰিগাঁও জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে শতাধিক চাইবাৰ অপৰাধীক ৷
পুনৰ মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা । শনিবাৰে মৰিগাঁও জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত এটা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে ।আটকাধীন অপৰাধীটোৰ পৰা আৰক্ষীয়ে বহু আপত্তিজনক নথি-পত্ৰৰ লগতে উত্তৰ লখিমপুৰ আয়ুক্তৰ ভুৱা ছীল-মোহৰ জব্দ কৰা হৈছে ৷
ঘটনা বিৱৰণীৰ অনুসৰি, মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত শনিবাৰে চলাইছিল অভিযান ।
এই অভিযানত দীৰ্ঘদিন মৰিগাঁও আৰক্ষীৰ চকুত ধূলি দি চাইবাৰ অপৰাধ চলাই থকা অপৰাধীটোক শনিবাৰে হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
মৰিগাঁও লাহৰীঘাটত আৰক্ষীৰ জালত পৰা ধৃত চাইবাৰ অপৰাধীৰ পৰা বহুতো আপত্তিজনক অবৈধ সামগ্ৰীৰ লগতে উত্তৰ লখিমপুৰ আয়ুক্তৰ ছীল-মোহৰ, ভুৱা পান কাৰ্ড, আধাৰকাৰ্ড জব্দ কৰা হৈছে ।গ্ৰেপ্তাৰ হোৱা ধৃত চাইবাৰ অপৰাধীটোৰ নাম মুজাহিদুল ইছলাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
সম্প্ৰতি মৰিগাঁও আৰক্ষী জিম্মাত থকা অপৰাধীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত ৷ লগতে জব্দ কৰা ভুৱা নথি-পত্ৰৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷