Local, Vocal, Global

Yaba tablets seized in silchar : শিলচৰত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী

নিউজ ডেস্ক, ১৬ মাৰ্চ : ৰাজ্যত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট । পুনৰ শিলচৰত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ।
চি আৰ পিৰ “E” Coy ইউনিট আৰু শিলচৰ আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰে সামগ্ৰীখিনি(Yaba tablets seized in silchar) ।

জানিব পৰা মতে, গোপন তথ্যৰ ভিত্তিত চি আৰ পিৰ “E” Coy ইউনিট আৰু শিলচৰ আৰক্ষীয়ে মধুৰবন্দৰ দশম খণ্ডত অভিযান চলাই । অভিযানত ১০ হাজাৰ য়াবা টেবলেট জব্দ কৰিছে আৰক্ষীয়ে(Yaba tablets seized in silchar) ।

উল্লেখ্য যে, মধুৰবন্দৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ছলমান মজুমদাৰৰ ঘৰত অভিযান চলাই জব্দ কৰে এই নিচাজাতীয় টেবলেটখিনি। পিছত টেবলেটসহ ধৃত ছলমানক শিলচৰ সদৰ থানালৈ লৈ যায় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ছলমানে মধুৰবন্দৰ তেওঁৰ ঘৰৰ পৰা ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।

লগতে পঢ়ক : One killed in wild elephant attack in Narayanapur: নাৰায়ণপুৰৰ দোৰপাঙত বন্যহস্তীৰ গচকত নিহত এজন লোক