World Tourism Day 2023 : আজি বিশ্ব পৰ্যটন দিৱস; বিশ্বব্যাপীয়ে পালন এই দিৱস

নিউজ ডেস্ক, ২৭ছেপ্টেম্বৰ : আজি বিশ্ব পৰ্যটন দিৱস। আজি সমগ্ৰ বিশ্বই পালন কৰিব পৰ্যটন দিৱস(World Tourism Day 2023)। প্ৰতি বছৰৰ ২৭ ছেপ্টেম্বৰ দিনটো বিশ্বব্যাপী পালন কৰে এই দিৱস। ১৯৮০ চনৰ পৰা এই দিৱস উদযাপন কৰি অহা হৈছে আৰু সেই বছৰতে প্ৰথম বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হৈছিল । ৰাষ্ট্ৰসংঘৰ অধীনস্থ বিশ্ব পৰ্যটন সংস্থাৰ প্ৰত্যক্ষ তত্ত্বাবধানত ১৯৮০ চনৰ পৰা সকলো সদস্য দেশে এই দিৱস পালন কৰি আহিছে(World Tourism Day Significance and history)।
ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা অৰ্থাৎ United Nations World Tourism Organisation য়ে আৰম্ভ কৰা এই দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে আন্তজাৰ্তিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সেতুবন্ধন গঢ়ি তোলা লগতে বিশ্বৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰচাৰ কৰা।
তদুপৰি পৰ্যটনৰ ভূমিকা সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উপযোগিতাক বিশ্বব্যাপী প্ৰচাৰ কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য।
বিশ্বৰ বিভিন্ন প্ৰান্তৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক তথা সমাজৰ বিভিন্ন উপাদান সামৰি এক গোট কৰাৰ উদ্দেশ্যৰে তথা নিজ নিজ সংস্কৃতি অন্য ঠাইৰ সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে পালন কৰা হয় এই দিৱস(World Tourism Day Significance and history)।
সমগ্ৰ বিশ্বৰ লগতে অসমতো এই দিৱস পালন কৰিব পৰ্যটন বিভাগ তথা পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত অনুষ্ঠান-প্ৰতিষ্ঠানে। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনক বিশ্বৰ আগত দাঙি ধৰি ইয়াৰ জৰিয়তে যুৱপ্ৰজন্ম স্বাৱলম্বী হ’বলৈও পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে। আনহাতে টুৰিষ্ট গাইড এজেঞ্চিবোৰেই বুধবাৰৰ দিনটো দিৱসটিৰ উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে পালন কৰিব(World Tourism Day )।