Local, Vocal, Global

World Rhino Day 2024: আজি বিশ্ব গঁড় দিৱস

নিউজ ডেস্ক,২২ ছেপ্টেম্বৰ : আজি বিশ্ব গঁড় দিৱস ।প্ৰতি বছৰে ২২ ছেপ্তেম্বৰ তাৰিখে সমগ্ৰ বিশ্বজুৰি এই দিৱস উদযাপন কৰা হয়। মূলতঃ মানুহক গঁড়ৰ পাঁচবিধ প্ৰজাতিৰ বিষয়ে সজাগ আৰু শিক্ষা দিবলৈ এই পালন কৰা হয় গঁড় দিৱস।

বিশ্ব বন্য প্ৰাণী পুঁজি (WWF)য়ে ২০১০ চনত দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ‘বিশ্ব গঁড় দিৱস’ ঘোষণা কৰিছিল।এছিয়া আৰু আফ্ৰিকাৰ গঁড়ৰ প্ৰজাতিৰ উপৰিও এই দিনটো জন্তুৰ বাবে উদযাপন কৰা হয় আৰু মানুহক সেইবোৰ সংৰক্ষণ কৰাৰ বাবে প্ৰেৰণা যোগোৱা বাবে(World Rhino Day 2024)।

অসমৰো বিভিন্ন প্ৰান্তত বিশ্ব গঁড় দিৱস পালন কৰা হয় । তাৰ ভিতৰত এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অন্যতম । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গঁড় দিৱস উপলক্ষে আয়োজন কৰিছে বিশেষ কাৰ্যসূচীৰ ।

উল্লেখ্যে যে বিশ্বৰ ভিতৰতে গঁড়ৰ অন্যতম সুৰক্ষিত বিচৰণভূমি হিচাপে পৰিচয় আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ । ১১৮ বছৰীয়া উদ্যানখনত গঁড়ৰ সংৰক্ষণৰ ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ । দেশী-বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান গঁড়ৰ সংখ্যা ২,৬১৩ টা । কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্ব বিখ্যাত এশিঙীয়া গঁড়বোৰ বিভিন্ন সময়ত সংকটৰ সন্মুখীন হৈ আহিছে ।

বিভিন্ন সময়ত সৃষ্টি হোৱা সমস্যাৰ সময়ছোৱাত কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত এক মুখ্য ভূমিকা পালন কৰি আহিছে।

লগতে পঢ়ক : Assam CM announces transparency measures in ADRE 2024 : ADRE পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা