Local, Vocal, Global

World Physical Therapy Day : আজি বিশ্ব ফিজিঅ’থেৰাপি দিৱস

ডিব্ৰুগড়,৮ছেপ্তেম্বৰ : বিশ্ব ফিজিঅ’থেৰাপি দিৱস। প্ৰতি বছৰে ৮ ছেপ্টেম্বৰত পালন কৰা হয় বিশ্ব ফিজিকেল থেৰাপি দিৱস।

বিশ্বজুৰি ফিজিঅ’ থেৰাপিষ্টসকলে এই দিনটো এক মঞ্চ হিচাপে ব্যৱহাৰ কৰিবলৈ সুযোগ লাভ কৰে । এই দিৱসে তেওঁলোকৰ কৰ্মৰ তাৎপৰ্যৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ চলোৱা প্ৰচেষ্টাত সহায় কৰে । ফলত বিশ্ব ফিজিকেল থেৰাপি দিৱসৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগতে প্ৰতি বছৰে বিশ্বত অধিক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়(World Physical Therapy Day) ।

এই দিনটোত পৃথিৱীৰ বিভিন্ন শাৰীৰিক চিকিৎসা সংগঠনে ফিজিঅ’ থেৰাপিষ্টৰ ভূমিকা আৰু তেওঁলোকে প্ৰতিদিনে কৰা পাৰ্থক্যৰ বিষয়ে জনসজাগতা সৃষ্টিত সহায় কৰিবলৈ প্ৰচাৰ আৰু অনুষ্ঠান অনুষ্ঠিত কৰে ।

আজি বিশ্ব ফিজিঅ’থেৰাপি দিৱস উপলক্ষে সদৌ অসম ফিজিঅ’থেৰাপি সন্থাৰ ডিব্ৰুগড় জিলাৰ শাখা অসম চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ উদ্যোগত চৌকিডিঙ্গীত এক সজাগতা ৰেলি উলিয়াইছে ।লগতে ফিজিঅ’থেৰাপি ওপৰত জনসাধাৰণৰ মাজত সজাগতাৰ বাবে এখনি বাটৰ নাট পৰিবেশন কৰে। এই সজাগতা ৰেলিত ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ সৈকত পাত্ৰ উপস্থিত থাকে।

লগতে পঢ়ক :Congresss executive meeting in Charaideo : আজি অসম প্রদেশ কংগ্ৰেছ কমিটিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা