WATCH | World Oral Health Day 2025 : বৰ্তমান অসমত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কেন্সাৰ ৰোগী
উত্তৰ গুৱাহাটী,২৬মাৰ্চ : বৰ্তমান অসমত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কেন্সাৰ ৰোগী ।
সজাগ আৰু সচেতনতাৰ অভাৱত বৃদ্ধি পাইছে এই ৰোগ ।
এক সমীক্ষা মতে এই কেন্সাৰ ৰোগৰ ৮০ৰ পৰা ৯০ শতাংশ কাৰণ হৈছে মানুহৰ মুখমণ্ডল আৰু দাত ।
মুখমণ্ডল আৰু দাঁতৰ ওপৰত ল’বলগীয়া যত্নৰ অভাৱত ডিঙি,পেটৰ বিভিন্ন ৰোগ,হৃদযন্ত্ৰ ,মধুমেহ, বৃক্ক, গৰ্ভপাত পৰ্যন্ত হ’ব
পাৰে(World Oral Health Day 2025) ।
মানুহৰ শৰীৰৰ প্ৰধান প্ৰবেশদ্বাৰ এই মুখমণ্ডলৰ ওপৰত মানুহে উপযুক্ত যত্ন নোলোৱাৰ ফলতে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে ।
” World Oral Health Day-2025″ ৰ – অংশ হিচাপে আজি কামৰূপ জিলাৰ আমিনগাঁওস্থিত নাৰায়ণা হাস্পতাল প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানত এই ভয়ংকৰ তথ্য দাঙি ধৰা হয় ।
তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ৰ দন্ত চিকিৎসক ডাঃ পল্লবী ঠাকুৰীয়া আৰু ডা: শান্তনু কুমাৰ ভট্টাচাৰ্যই এই ক্ষেত্ৰত ৰাইজক সজাগ হ’বলৈ আহ্বান জনায় ।
দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত কামৰূপ জিলাৰ ২১ জন দন্ত চিকিৎসকে অংশগ্ৰহণ কৰে।
লগতে পঢ়ক : WATCH | Road Accident : ঈদৰ বজাৰ কৰিবলৈ গৈ ঘৰলৈ উভতি নাহিল কণমানি