Local, Vocal, Global

World Food Safety Day 2023 : আজি বিশ্ব খাদ্য সুৰক্ষা দিৱস , এই বৰ্ষৰ মূল বিষয়বস্তু ‘খাদ্যৰ মানদণ্ডই জীৱন ৰক্ষা কৰে’

নিউজ ডেস্ক, ৭ জুন : আজি বিশ্ব খাদ্য সুৰক্ষা দিৱস । খাদ্য সুৰক্ষাৰ প্ৰতি জনজাগৰণ সৃষ্টিৰ বাবে প্ৰতি বছৰৰ ৭ জুন তাৰিখে বিশ্ব খাদ্য সুৰক্ষা দিৱস(World Food Safety Day) পালন কৰা হয়। ৰাষ্ট্ৰসংঘই ২০১৮ চনৰ ডিচেম্বৰত খাদ্য আৰু কৃষি সংগঠনৰ সহযোগত এই দিৱস পালনৰ আহ্বান জনাইছিল ।

২০১৯ চনত ৭ জুন তাৰিখে প্ৰথম বাৰৰ বাবে এই দিৱস বিশ্বজুৰি পালন কৰা হয় ৷ এই দিৱস পালনৰ উদ্দেশ্য হৈছে প্ৰতিজন ব্যক্তিয়ে প্ৰযাপ্ত পৰিমানে সুৰক্ষিত আৰু পুষ্টিকৰ খাদ্য নিশ্চিত কৰা ৷ দূষিত খাদ্যৰ বাবে প্ৰতি বছৰে লাখ লাখ লোকৰ মৃত্যু হয় ৷ দূষিত খাদ্যৰ বাবে প্ৰতি বছৰে প্ৰতি দহজনৰ ভিতৰত এজন লোক খাদ্যজনিত বেমাৰত আক্ৰান্ত হয় ৷ প্ৰতি বছৰে বিশ্বৰ প্ৰায় ৬০ কোটি লোক ভাইৰাছ, বেক্টেৰিয়া, পৰজীৱী বা ৰাসায়নিক পদাৰ্থৰ দ্বাৰা দূষিত খাদ্য খাই ৰোগত আক্ৰান্ত হয় । খাদ্যজনিত ৰোগত প্ৰতি বছৰে ৪,২০,০০০ লোকৰ মৃত্যু হয় ।

বিশ্ব খাদ্য দিৱসৰ উদ্দেশ্য হৈছে মানৱ স্বাস্থ্য, বাণিজ্য, কৃষি আৰু বহনক্ষম উন্নয়নৰ উন্নতিৰ পদ্ধতি, সমাধান আৰু উপায়ৰ জৰিয়তে খাদ্য সুৰক্ষা চিনাক্তকৰণ কৰা আৰু পৰিচালনাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা । প্ৰত্যেক বছৰে বিশ্ব খাদ্য দিৱসত বেলেগ বেলেগ বিষয়বস্তু লৈ পালন কৰা হয় । সেইদৰে ২০২৩ বৰ্ষৰ বিষয়বস্তু হৈছে ‘Food standards save lives’ অৰ্থাৎ ‘খাদ্যৰ মানদণ্ডই জীৱন ৰক্ষা কৰে’ । এই মানদণ্ডসমূহে কেৱল কৃষক আৰু প্ৰচেছৰসকলক খাদ্যৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে নিৰ্দেশনা প্ৰদান কৰাই নহয়, অন্যান্য উপাদানসমূহৰ লগতে নিৰাপদ ব্যৱহাৰ কৰিব পৰা যোগকৰণ আৰু দূষক পদাৰ্থৰ সৰ্বোচ্চ মাত্ৰাও নিৰ্ধাৰণ কৰা হয় (World Food Safety Day 2023) ।

খাদ্য অবিহনে কোনেও জীয়াই থাকিব নোৱাৰে ৷ খাদ্য অবিহনে কোনো ধৰণৰ পুষ্টি লাভ কৰিব নোৱাৰি । শৰীৰৰ পুষ্টিৰ বাবে পুষ্টিকৰ খাদ্য খোৱাটো অতিকৈ জৰুৰী । এই দিৱসৰ মূল উদ্দেশ্য হৈছে জনতাৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰা আৰু খাদ্য অপচয়ৰ পৰা আঁতৰি থাকিবলৈ সকলোকে সজাগ কৰা ।

লগতে পঢ়ক : Free cloth bank: শোণিতপুৰৰ ঢেকিয়াজুলিত একাংশ ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ