Local, Vocal, Global

WATCH | World Environment Day : বিলাসীপাৰাত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন

বিলাসীপাৰা,৫জুন : আজি বিশ্ব পৰিৱেশ দিৱস । বিলাসীপাৰাত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু পৰিবেশ আৰু বন বিভাগৰ উদ্যোগত, শালকোচা আঞ্চলিক বন বিভাগৰ ৰোকাখাতা খণ্ড কাৰ্যালয়ৰ বিষয়া কাৰ্যালয়ৰ সহযোগত দিৱসটি পালন কৰা হয়(World Environment Day)।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিলাসীপাৰা চহৰৰ গান্ধী চ’কত ’নদীৰ অসুখ’ নামৰ পৰিবেশ সজাগতাৰ ওপৰত এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

ইয়াৰ পিছতে জনতাৰ মাজত গছপুলি বিতৰণ কৰা হয়। দিৱসটি উপলক্ষে চাপৰ ৰত্নপীট মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যক্ষ শ্বেখ হেদয়াতুল্লাই প্লাষ্টিকৰ ব্যবহাৰ এৰাই চলাৰ বাবে ৰাইজক আহ্বান জনায়।

লগতে পঢ়ক: WATCH | Hajo Protest : হাজোৰ মনাহকুছিৰ ৰাজপথত উত্তাল প্ৰতিবাদ