Local, Vocal, Global

WATCH | World Environment Day : জামুগুৰিহাটৰ‌ তৌভঙা জীয়া ভৰলী পাৰত বিশ্ব পৰিৱেশ দিৱস উদযাপন

জামুগুৰিহাট,৫জুন : আজি বিশ্ব পৰিৱেশ দিৱস। জামুগুৰিহাটৰ‌ তৌভঙা জীয়া ভৰলী পাৰত বিশ্ব পৰিৱেশ দিৱস উদযাপন৷

জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ পাৰৰ ভৈৰৱী শ্মশান ঘাটত বিশ্ব পৰিবেশ দিৱস উপলক্ষে পুৱাই চাফাই অভিযান আৰু বৃক্ষৰোপন কাৰ্য্যসুচী ৰূপায়ন কৰা হয়৷

ভৈৰবী শ্মশান ঘাট কমিটিৰ উদ্যোগত তৌভঙাৰ তৰাজান আৰু নবিল গাঁওবাসী ৰাইজৰ সহযোগত ৰূপায়ন কৰা চাফাই অভিযান আৰু বৃক্ষৰোপণ অনুষ্ঠানটি আত ধৰে জীয়া ভৰলী ভৈৰৱী শ্মশান ঘাট কমিটিৰ সভাপতি দেৱ ঘিমৰে(World Environment Day)।

অনুষ্ঠানটিত অংশগ্ৰহণ কৰি বিশ্ব পৰিবেশ দিৱসৰ তাৎপৰ্য্য সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে জিলা পৰিষদৰ সদস্যা ৰেণুকা দেবী,উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী সবিতা কাৰ্কি , আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰশ্মি থাপা, দক্ষিণ মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি মানস হাজৰিকাই ৷ জ্যেষ্ঠ সমাজকৰ্মী ধনপতি কাফলে, গোবিন কাৰ্কি, শিক্ষক বিনয় গৌতম, তুলসী কাৰ্কি, দ্ৰোণ শৰ্মাৰ লগতে অঞ্চলটোৰ গণ্য মাণ্য ব্যক্তি সকলেও অনুষ্ঠানটিত অংশগ্ৰহণ কৰি কাৰ্য্যসুচী সাফল্যমণ্ডিত কৰি তোলে।

ভৈৰৱী শ্মশান ঘাট কমিটিৰ সম্পাদক কৃষ্ণ কড়েলে অংশগ্ৰহণকাৰী সকলো ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

লগতে পঢ়ক : WATCH | Gaurav Gogoi : ‘বৰাকক ৰাজ্যৰ বিজেপি চৰকাৰে ATMৰ দৰে ব্যৱহাৰ কৰিছে’