Local, Vocal, Global

World Elephant day celebrates at Kaziranga and Manas National Park : আজি বিশ্ব হস্তী দিৱস উপলক্ষে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন

নিউজ ডেস্ক,১২আগষ্ট : আজি বিশ্ব হস্তী দিৱস। প্ৰতি বছৰে ১২ আগষ্টৰ দিনটো বিশ্ব হস্তী দিৱস হিচাপে উদযাপন কৰি অহা হয়।

আজি বিশ্ব হস্তী দিৱস উপলক্ষে কাজিৰঙাৰত বন বিভাগ আৰু কৰ্বেট ফাউণ্ডেচনৰ উদ্যোগত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ ৷

বিশ্ব হস্তী দিৱসৰ মূল লক্ষ্য হৈছে হাতী-মানুহৰ সংঘাত উপশম কৰি হাতীকো জীয়াই থকাৰ সুবিধা প্ৰদান কৰা(World Elephant day celebrates at Kaziranga and Manas National Park)৷

আনহাতে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানতো দিনযোৰা কাৰ্যসূচীৰে আজি উদযাপন কৰা হৈছে বিশ্ব হস্তী দিৱস। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁ‌হবাৰী বনাঞ্চলৰ মহল কেম্পত উদযাপন কৰা হস্তী দিৱস উপলক্ষে ৰাতিপুৱা উদ্যানখনৰ হাতীসমূহক আনি গা ধুৱাই চাফ-চিকুণ কৰি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ভিন্ন ফল-মূল খাদ্য-সামগ্ৰী যোগান ধৰা হয়। ইয়াৰ পিছতে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ কেবাগৰাকী বিষয়ববীয়াৰ উপস্থিতিত হাতীসমূহৰ লগত ওতঃপ্ৰোতভাৱে জড়িত মাউত আৰু বনকৰ্মীসকলৰো স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ফুলাম গামোচাৰে আদৰি জনায়। ইয়াৰোপৰি হাতী-মানুহৰ সংঘাত দূৰীকৰণৰ বাবে ঠায়ে ঠায়ে সজাগতামূলক সভা অনুষ্ঠিত কৰিব বুলি জানিব দিয়ে উদ্যান কৰ্তৃপক্ষই।

উল্লেখ্য যে মানাহত বৰ্তমান পৰ্যটনৰ বাবে ৪৯টা হাতী থকা বুলি জানিবলৈ দিয়াৰ লগতে হাতীক সংৰক্ষণৰ বাবে বিশ্ববাসীক একত্ৰিত হোৱাৰ আহ্বান জনায়।

লগতে পঢ়ক : World Elephant Day : আজি বিশ্ব হস্তী দিৱস