Local, Vocal, Global

World Cancer Day2025:আজি বিশ্ব কৰ্কট ৰোগ দিৱস।প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখে বিশ্বজুৰি ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সকলে এই পালন কৰে

নিউজ ডেস্ক,৪ফেব্ৰুৱাৰী : আজি বিশ্ব কৰ্কট ৰোগ দিৱস।প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখে বিশ্বজুৰি ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সকলে এই পালন কৰে।এই বৰ্ষত “United by Unique” বিষয়বস্তুৰ সৈতে বিশ্ব কৰ্কট ৰোগ দিৱস পালন কৰা হৈছে ।

এই দিৱসৰ মূল উদ্দেশ্য হ’ল কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ প্ৰতিৰোধ আৰু প্ৰথম ৰোগ হিচাপে চিনাক্ত কৰণৰ সম্পৰ্কে জন সাধাৰণক সচেতনা কৰা।ইয়াৰ প্ৰথম আৰু মুল উদ্দেশ্য হল কৰ্কট ৰোগত মৃত্যু হোৱা ৰোগীৰ সংখ্য়া হ্ৰাস কৰা(World Cancer Day2025)।

বিশ্ব কৰ্কট ৰোগ দিৱস প্ৰথমবাৰৰ বাবে ইউনিয়ন ফৰ ইণ্টাৰনেশ্যনেল কেন্সাৰ কণ্ট্ৰ’লে ১৯৯৩ চনত উদযাপন কৰিছিল । কিন্তু আনুষ্ঠানিকভাৱে এই দিনটো প্ৰতিষ্ঠা কৰি প্ৰতি বছৰে ইয়াক উদযাপন কৰাৰ পৰম্পৰা আৰম্ভ কৰি, ২০০০ চনৰ ৪ ফেব্ৰুৱাৰীত পেৰিছত অনুষ্ঠিত হোৱা বিশ্ব কৰ্কট সন্মিলনত “World Cancer Against Cancer for the New Millennium”ত এই ৰোগৰ ভয়াৱহতা ,লক্ষণ আৰু চিকিৎসাৰ বিষয়ে সজাগ কৰাৰ লক্ষ্যৰে ইয়াক কৰা হৈছিল।

বিশ্বজুৰি ত্ৰুমাৎ বৃদ্ধি পোৱা পোৱা কৰ্কট ৰোগীৰ সংখ্যাই কেৱল চিকিৎসকৰ চিন্তা বৃদ্ধি কৰাই নহয়,বিশ্বজুৰি চিন্তিত কৰি তুলিছে ।কৰ্কট ৰোগৰ বাঢ়ি অহা সংখ্যা যদি শীঘ্ৰেই কম কৰাৰ বাবে তাৎক্ষণিক প্ৰচেষ্ট চলোৱা নহয়,তেন্তে ই ভৱিষ্যতে অতি চিন্তনীয় হ’ব পাৰে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি বৰ্তমান বিশ্বৰ ২০ শতাংশ কৰ্কট ৰোগী ভাৰতত আছে। প্ৰতি বছৰে এই ৰোগৰ বাবে দেশত প্ৰায় ৭৫,০০০ হাজাৰ লোকৰ মৃত্যু হয়। কেৱল এই পৰিসংখ্যাৰ পৰাই নহয় ,বিশ্বজুৰি কৰ্কট ৰোগৰ মৃত্যুৰ শীৰ্ষ ১০টা কাৰণৰ ভিতৰত গণ্য কৰাৰ পৰাও কৰ্কট ৰোগৰ পৰিসৰ জানিব পৰা যায়।

আজিৰ দিনটোত কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে আৰু চিকিৎসা সম্পৰ্কে সজাগতা বিয়পোৱাৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে।

লগতে পঢ়ক :World Human Rights Day 2024:আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস