Local, Vocal, Global

World AIDS Day 2024: আজি বিশ্ব এইডছ দিৱস; প্ৰতি বছৰে ১ ডিচেম্বৰত সমগ্ৰ বিশ্বতে বিশ্ব এইডছ দিৱস পালন কৰা হয়

নিউজ ডেস্ক,১ডিচেম্বৰ : আজি বিশ্ব এইডছ দিৱস । প্ৰতি বছৰে ১ ডিচেম্বৰত সমগ্ৰ বিশ্বতে বিশ্ব এইডছ দিৱস পালন কৰা হয়। বিশ্বজুৰি এইডছ দিৱস পালনৰ উদ্দেশ্য হৈছে ৰোগবিধৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু এই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ মানুহক সাহস দিয়া(World AIDS Day 2024)।

এইডছ দিৱস ১৯৮৮ চনৰ পৰা পালন কৰি অহা হৈছে । ছুইজাৰলেণ্ডৰ জেনেভাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ দুজন ৰাজহুৱা তথ্য বিষয়া জেমছ বান আৰু থমাছ নেটাৰে ১৯৮৭ চনৰ আগষ্টত পোন প্ৰথমবাৰৰ বাবে UNAIDS-ৰ ড৹ জনাথন মেনৰ আগত বিশ্ব এইডছ দিৱস পালনৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে আৰু এই পৰিকল্পনাত সঁহাৰি জনাই ড॰ মেনে ১৯৮৮ চনৰ ১ ডিচেম্বৰত প্ৰথম বিশ্ব এইডছ দিৱস পালনৰ পোষকতা কৰে ।

২০২৪ বৰ্ষৰ বিশ্ব এইডছ দিৱসৰ মূল বিষয়বস্তু হৈছে – “Take the rights path: My health, my right !”

বিশ্ব এইডছ দিৱস উদযাপনৰ মূল উদ্দেশ্য কেৱল এই সংক্ৰমণ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে বিশ্বৰ মানুহৰ মাজত সজাগতা বিয়পাই দিয়াই নহয়, সেইসকল লোকৰ সৈতে সংহতি বা সমৰ্থন প্ৰদৰ্শন কৰা আৰু এইডছত আক্ৰান্তসকলক সহায় কৰাৰ প্ৰচেষ্টা চলোৱা ।

ইয়াৰ সমান্তৰালকৈ এই উপলক্ষে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইডছ আৰু ইয়াৰ লগত জড়িত ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলক শোক প্ৰকাশ কৰাৰ সুযোগো প্ৰদান কৰে।

লগতে পঢ়ক :Himanta Biswa Sarma:শীঘ্ৰেই হ’ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ