Local, Vocal, Global

Bengaluru building collapse: খহি পৰিল নিৰ্মীয়মাণ অট্টালিকা;নিহত ৫জন শ্ৰমিক,বৰ্তমানলৈ ধ্বংসাৱশেষত আৱদ্ধ শ্ৰমিক

নেশ্যনেল ডেস্ক,২৩অক্টোবৰ : বাংগালুৰুত অঘটন। খহি পৰিল নিৰ্মীয়মাণ অট্টালিকা।ফলত নিহত ৫জন শ্ৰমিক।বৰ্তমানলৈ আৱদ্ধ হৈ আছে ৩জনকৈ শ্ৰমিক।উদ্ধাৰ ১৩জনকৈ শ্ৰমিক(Bengaluru building collapse)।

মঙলবাৰে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ।মঙলবাৰে বাংগালুৰুত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এটা নিৰ্মাণৰত অট্টালিকা ভাঙি পৰে।শ্ৰমিকসকলৰ কৰ্মৰত অৱস্থাত খহি পৰে অট্টালিকাটো(Worker killed and 3 missing after under-construction building collapses in Bengaluru) ।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ ততাতৈয়াকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।আৰক্ষীৰ উদ্ধাৰ অভিযানত ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰে ১৩জনকৈ ব্যক্তি। জানিব পৰা মতে, বৰ্তমানলৈ আৱদ্ধ হৈ আছে ৩জনকৈ শ্ৰমিক।উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া আৰু তেওঁৰ উপ-ডি.কে. শিৱকুমাৰে ন্যায়িক ক্ষেত্ৰৰ ডিচিপি দেৱৰাজলৈ ফোন কল কৰি ঘটনা সন্দৰ্ভত খবৰ লয়।

লগতে পঢ়ক :Woman died in dengue in guwahati: পুনৰ মহানগৰীত ডেংগিত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু