Local, Vocal, Global

WATCH | Wood Smuggling : কাৰ্বি পাহাৰৰ পৰা সৰবৰাহ কৰা চোৰাং কাঠ ভৰ্তি বাহন জব্দ কলিয়াবৰত

কলিয়াবৰ,৫এপ্ৰিল : কাৰ্বি পাহাৰৰ পৰা সৰবৰাহ কৰা চোৰাং কাঠ ভৰ্তি বাহন জব্দ কলিয়াবৰত।

বন বিভাগে জখলাবন্ধাৰ পৰা খেদি খেদি বৰঘূলীত জব্দ কৰে চোৰাং কাঠভৰ্তি বাহন।

AS 12CC 1335 নম্বৰৰ বলেৰ’ পিকআপ বাহনত কঢ়িয়াই আনিছিল চোৰাং কাঠ(Wood Smuggling)।

অসাধু দুস্কৃতিকাৰীয়ে কাৰ্বি পাহাৰৰ পৰা মূল্যবান কাঠ চোৰাংভাৱে সৰবৰাহ কৰি টকলা কৰিছে পাহাৰ।

গোপন খবৰৰ পম খেদি শিলঘাট-জখলাবন্ধা বনবিভাগে অভিযান চলায় জব্দ কৰে কাঠ ভৰ্তি বাহনখন।কিন্তু চালকে পলায়ণ কৰে বাহন এৰি।

চোৰাং কাঠৰ ফান্টাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৪০ হাজাৰ হব বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : WATCH | Lumding News : লামডিঙৰ শীতলা মেলাৰ অঘটনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ শীতলা পূজা কমিটীৰ সভাপতি দেবাশীশ গুপ্তাৰ