Watch | Women who went missing from Hojai for two years was found in Ahmedabad: অসমৰ বোৱাৰী উদ্ধাৰ আহমেদাবাদত
গুৱাহাটী: নিৰুদ্দিষ্ট হৈ থকা এগৰাকী পঞ্চাশ উৰ্ধ্বৰ মহিলা সুকলমে উদ্ধাৰ হোৱা এক ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে। হোজাইৰ ভদ্ৰেশ্বৰ কোচৰ সহধৰ্মিণী স্বপ্না কোচ এগৰাকী ডিমেনচিয়া ৰোগী। দৰিদ্ৰ পৰিয়ালৰ মহিলাগৰাকী মানসিক ভাৰসাম্যহীনতাত ভুগী ২০২৩ বৰ্ষৰ দুৰ্গোৎসৱৰ কিছুদিন ৰ্পূবে ভুলবশত গৈ পাইগৈ সুদুৰ আহমেদাবাদ। তেনেদৰে দুটা বছৰ পাৰ হ’ল । যাৰবাবে দুবছৰে হেৰাই থকা মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালে নীতিগতভাৱে সকাম পতাৰো চলাইছিল প্ৰস্তুতি।
তেনে সময়ে আহিল ভাল খবৰটো। ‘ইউনিভাৰচেল ষ্টাৰ অৰগেনাইজেশ্যন ‘নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ মুৰব্বী ময়ুৰদ্বীপ ফুকনৰ আহমেদা বাদত থকা অসমৰ এগৰাকী মহিলাই মানসিক ভাৰাক্ৰান্ত হেৰুৱা মহিলা গৰাকীক উদ্ধাৰৰ কথা জনোৱাৰ লগে লগে ময়ুৰদ্বীপ ফুকন আৰু তেওঁৰ পত্নী অন্যানা ফুকনে অসমৰ জিলাই জিলাই আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰি সামাজিক মাধ্যম যোগে শেষত মহিলা গৰাকী হোজাই স্বপ্না কোচ বুলি জানিব পাৰে। হোজাই থানা আৰু ৰাষ্টীয় স্বয়ংসেৱক সংঘৰ জড়িয়তে পৰিয়ালৰ ঠিকনা উলিয়াই ৷তাৰ পাছতে ময়ুৰদ্বীপ ফুকনে মহিলা গৰাকীক আহমেদাবাদৰ পৰা সকলমে আনি। দেৰগাঁৱত পৰিয়ালৰ লোকৰ সৈতে লগলগাই দিয়ে ।