Women of Abhayapuri deprived from govt scheme : চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম
অভয়াপুৰী,৩০মাৰ্চ : কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম ।পানীপুৰি বেছি মাতৃয়ে জীয়েকক পঢ়ুৱাইছে কলেজত(Women of Abhayapuri deprived from govt scheme) ।
স্বাধীনতাৰ ৭৬ বছৰ পাৰ হৈ গল। আহিল বহু চৰকাৰ,কিন্তু কোনো চৰকাৰী আঁচনিয়ে ঢুকি নাপালে চম্পা বৰ্মনক।
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ কলবাৰী গাও পঞ্চায়তৰ অন্তৰ্গত মোৱামাৰী গাঁৱৰ চম্পা বৰ্মনক আজিকোপতি ঢুকি নাপালে কোনো চৰকাৰী আঁচনিয়ে । এটা ভগ্নপ্ৰায় আৰু জৰাজীৰ্ণ বাসগৃহত বাস কৰে চম্পা বৰ্মনৰ ২ গৰাকী জীয়ৰী, স্বামীসহ ৪ জনীয়া পৰিয়ালটো। ভগ্নপ্ৰায় বাসগৃহত ভঙা বাহৰ মাজেৰে পোহৰ সোমোৱাৰ উপৰিও বাৰিষা কালত যমৰ যাতনা ভূগিবলগীয়া হয় দুৰ্ভগীয়া পৰিয়ালটোৱে(Women of Abhayapuri deprived from govt scheme)।
উন্নয়নৰ ডাক-ঢোল বজোৱা চৰকাৰে দৰিদ্ৰ লোকৰ বাবে মুকলি কৰা আঁচনিসমূহৰ পৰা বহু যোজন আতৰত চম্পা বৰ্মনৰ পৰিয়ালটো। অসুস্থ স্বামীৰ চিকিৎসা,মহাবিদ্যালয়ত অধ্যয়নৰত জীয়ৰী আৰু পৰিয়ালটোৰ পোহপাল দিয়াৰ স্বাৰ্থত পদপথত পানীপুৰী বিক্ৰী কৰি কঠোৰ জীৱন সংগ্ৰাম অব্যাহত ৰখিছে চম্পা বৰ্মনে।
প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত এটি বাসগৃহ আৰু অৰুনোদয় আচনিৰ বাবে কলবাৰী পঞ্চায়তৰ সভাপতিক আবেদন জনোৱাৰ পাছতো বৰ্তমানেও এটি আবাসগৃহ, অৰুনোদয় আচনিৰ পৰা বঞ্চিত হৈ আছে চম্পা বৰ্মন।
চম্পা বৰ্মনে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে অন্তত প্ৰধানমন্ত্ৰী আবাস গৃহ আচনিৰ অন্তৰ্ভুক্ত কৰক যাতে এই জৰাজীৰ্ণ-ভগ্নপ্ৰায় বাসগৃহৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়।
লগতে পঢ়ক : Drinking Water Issue : ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি