Woman’s death sparks protest in Nursing home : মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল ডুমডুমাৰ নাৰ্চিংহোম
ডুমডুমা,৬এপ্ৰিল : মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল ডুমডুমাৰ নাৰ্চিংহোম । ভুল চিকিৎসাৰ পৰিনতিত মহিলা গৰাকীৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ ।
ডাঃ ডেকাচ্ ডুমডুমা পলিক্লিনিক আৰু নাচিং হোমত এগৰাকী মহিলাৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি। ভুল চিকিৎসাৰ বাবে মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ। গীতালী গগৈ সোনোৱাল (২৬) নামৰ ছৈখোৱা ধ’লাৰ মহিলা গৰাকীক অত্যাধইক পেটবিষত ভূগাৰ বাবে ডাঃ ডেকাচ ডুমডুমা পলিক্লিনিক আৰু নাচিং হোমত শুকুৰবাৰে পুৱা প্ৰায় ১০ বজাত ভৰ্তি কৰাইছিল পৰিয়ালৰ লোকে। চিকিতসালয়ত পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত মহিলা গৰাকীৰ পেটত ব্লাড জমা হোৱা বুলি পৰিয়ালৰ লোকক অৱগত কৰি দিনৰ প্ৰায় ডেৰ বজাত মহিলাগৰাকীৰ অস্ত্ৰোপ্ৰচাৰ কৰে চিকিতসকে। যোৱা নিশা ১১ মান বজাত এটা বেজী আৰু এটা চেলাইন দিয়াৰ পিছতে মুখৰ পৰা তেজ আৰু ফেন ওলাই মৃত্যু হোৱাৰ দাবী তুলিছে পৰিয়াবৰ্গই।
দণ্ডাদিশ আৰু ডুমডুমা আৰক্ষী নাচিং হোমখনত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজলৈ মৃতদেহটো মৰণোত্তৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে। আনহাতে ডাঃ প্ৰণৱজ্যোতি ডেকাই সম্পূৰ্ণ ঘটনাটো এক মেডিকেল জটিলতা থকা বাবে ৰোগী গৰাকীৰ মৃত্যু হোৱা বুলি সংবাদ মাধ্যমৰ আগত স্পষ্টীকৰণ আগবঢ়াই সম্পূৰ্ণ অভিযোগ সমূহ খণ্ডন কৰিছে।
লগতে পঢ়ক :Self Reliant Youth: লোকবাদ্য নিৰ্মাণ আৰু পৰিৱেশনৰ নিপুণ দক্ষতাৰে উজলিছে এজন যুৱক