Local, Vocal, Global

Woman’s Body Recovered in Golaghat : প্ৰথমে নিৰ্মমভাৱে হত্যা আৰু তাৰ পিছত গাঁত খান্দি পুতি থয় মৃতদেহ

নিউজ ডেস্ক, ১৫ এপ্ৰিল : গোলাঘাট জিলাত ভয়ংকৰ ঘটনা । নিৰ্মমভাৱে হত্যা কৰি মাটিত পুতি থোৱা অৱস্থাত উদ্ধাক মহিলাৰ মৃতদেহ ।

জানিব পৰা মতে, অভিযুক্ত হত্যাকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো(Woman’s Body Recovered in Golaghat) ।

ঘটনা অনুসৰি, গোলাঘাট জিলাৰ চাৰিঙ্গীয়াৰ ৰূপজ্যোতি বৰা হাজৰিকা নামৰ এগৰাকী মহিলা যোৱা এসপ্তাহে নিৰুদ্দেশ হৈ আছিল । মহিলাগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰে। লগে লগে ঢেকীয়াল আৰক্ষীয়ে পৰিয়ালৰ লোকৰ এজাহৰ ভিত্তিত অভিযান আৰম্ভ কৰে ৷

আৰক্ষীৰ অভিযানৰ মাজতে যুগল নায়ক নামৰ এজন লোকক আটক কৰে আৰু সোধা-পোছা আৰম্ভ কৰে ।আৰক্ষীৰ সোধা-পোছাত লোকজনে ভয়ংকৰ কথা স্বীকাৰ কৰে ।

যুগল নায়ক নামৰ লোকজনে স্বীকাৰ অনুসৰি লোকজনে মহিলাগৰাকীক হত্যা কৰি নিজৰ বাৰীতে পুতি থয় । লগে লগে আৰক্ষীয়ে দেওবাৰে অভিযুক্ত যুগল নায়কৰ স্বীকাৰোক্তিৰ ভিত্তিত পুতি থোৱা অৱস্থাত মহিলাগৰাকীৰ চাইকেল আৰু চছমা উদ্ধাৰ কৰে ।

ইফালে সোমবাৰে দণ্ডাধীশৰ উপস্থিতত আৰক্ষীয়ে গাঁতৰ পৰা মহিলাগৰাকীৰ মৃতদেহটো উলিয়াবলৈ সক্ষম হয় । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে(Woman’s Body Recovered in Golaghat) ৷

উল্লেখ্য যে, যুগল নায়ক নামৰ এই লোকজনে ইয়াৰ পূৰ্বেও এগৰাকী মহিলাক চাহ বাগিচাৰ মাজত কেইবাদিনো ধৰি বান্ধি ৰাখি অত্যাচাৰ চলাইছিল বুলি অভিযোগ আছে ।

লগতে পঢ়ক : Miscreants set ablaze man in Tinsukia : তিনিচুকীয়াত উদ্ধাৰ অৰ্ধদগ্ধ মৃতদেহ