Local, Vocal, Global

Woman’s Body Found Inside Hotel Room : মহানগৰীৰ হোটেলত উদ্ধাৰ IIT গুৱাহাটীৰ ছাত্ৰীৰ মৃতদেহ

নিউজ ডেস্ক, ২ ডিচেম্বৰ : অত্যাধিক নিচাই প্ৰাণ ল’লে যুৱতীৰ ! মহানগৰীৰ হোটেলত উদ্ধাৰ IIT গুৱাহাটীৰ ছাত্ৰীৰ মৃতদেহ । নবৱৰ্ষৰ মহিলা দিনটোতে উদ্ধাৰ IIT গুৱাহাটীৰ ছাত্ৰীৰ মৃতদেহ(Woman’s Body Found Inside Hotel Room) ।

জানিব পৰা মতে, ৩১ ডিচেম্বৰৰ নিশা জি এছ ৰোডৰ এখন বাৰত ছাত্ৰীগৰাকীয়ে কৰিছিল পাৰ্টী । ৩ বন্ধুৰ সৈতে মিলি কৰিছিল পাৰ্টি । তাৰ পিছতে যুৱতীগৰাকীয়ে গৈছিল পল্টন বজাৰৰ এখন হোটেললৈ। পল্টন বজাৰৰ হোটেলত চাৰি বন্ধুয়ে ২ টাকৈ কোঠা বুক কৰিছিল । ইয়াৰে দুজন যুৱক আৰু দুগৰাকী যুৱতী।

সোমবাৰে পুৱা হোটেলখনৰ বাথৰুমত অচেতন অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকী। লগে লগে ভৰ্তি কৰোৱা হৈছিল জিএমচিএইচত কিন্তু চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত মৃত ঘোষণা কৰে চিকিৎসকে। মৃত্যু হোৱা যুৱতীগৰাকী তেলেংগানাৰ পল্লবী ঐশ্বৰ্য বুলি জানিব পৰা গৈছে(Woman’s Body Found Inside Hotel Room in Guwahati’s Paltan Bazaar) ।

হোটেল কৰ্তৃপক্ষই জনোৱা অনুসৰি অত্যাধিত নিচা সেৱন কৰি হোটেললৈ আহিছিল আটাইকেইজন । অত্যাধিক নিচা কৰাৰ বাবে মৃত্যু হোৱাৰ সন্দেহ যুৱতীগৰাকীৰ।

বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ কৰিছে । ঘটনা তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা ।

লগতে পঢ়ক : Congress Gen Secy Jairam Ramesh Writes To Election Commission : কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ নিৰ্বাচন আয়োগলৈ এখন বিশেষ পত্ৰ