Local, Vocal, Global

Woman’s body found in Guwahati : মহানগৰীৰ ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ

নিউজ ডেস্ক,১১মে’ : পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ । মহানগৰীৰ লখৰা পিঠাগুৰিত উদ্ধাৰ মৃতদেহ(Deadbody Recovered) ।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা(Woman’s body found in Guwahati )।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । মহানগৰীত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে ।

যেন অপৰাধৰ ঘাটিত পৰিণত হ’বলৈ ধৰিছে মহানগৰ । মৃত্যু যেন এতিয়া সহজলভ্য হৈ পৰিছে মহানগৰীত ।

পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ।এইবাৰ মহানগৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ । লখৰা পিঠাগুৰিৰ গৃহ নং ১০ত সংঘটিত হৈছে এই ঘটনা।চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।মৃত যুৱতীগৰাকীৰ নাম সুজিতা কাশ্যপ (২৫),ঘৰ পাঠশালাত বুলি জানিব পৰা গৈছে ।মৃত যুৱতী গৰাকী সুজিতা ৰহমান হাস্পতালত কৰ্মৰত আছিল।

এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

প্ৰেমজনিত কাৰণতে যুৱতীগৰাকীয়ে চৰম সিদ্ধান্ত লোৱা বুলি সন্দেহ কৰা হৈছে।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই এয়া হত্যা নে আত্মহত্যা । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে জানিব পৰা যাব ইয়াৰ প্ৰকৃত কাৰণ।

লগতে পঢ়ক :Tragic Accident in Barpeta : শোকাৱহ দুৰ্ঘটনা ! ছাত্ৰ ভৰিৰ উপৰেদি উঠি গ’ল ট্ৰেক্টৰ