Local, Vocal, Global

Woman shot dead in Delhi : দিল্লীৰ ৰাজপথত মহিলাক গুলীয়াই হত্যা, নিজেও আত্মহত্যা

নেশ্যনেল ডেস্ক, ২৮ জুলাই : দিল্লীৰ ৰাজপথত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা(Woman shot dead in Delhi) । দক্ষিণ-পশ্চিম দিল্লীৰ ডাবৰি অঞ্চলত বৃহস্পতিবাৰে সন্ধিয়া এগৰাকী ৪২ বছৰীয়া মহিলাক নিজৰ ঘৰৰ সমীপত গুলীয়াই হত্যা কৰে এজন ২৫ বছৰীয়া যুৱকে (Woman shot in southwest Delhi’s Dabri) । পিছত নিজেও আত্মহত্যা কৰে যুৱকজনে । মৃত মহিলাগৰাকীৰ নাম ৰেনু গোৱেল (৪২) বুলি চিনাক্ত কৰা হৈছে । তেওঁৰ তিনিটা সন্তানৰ মাতৃ আছিল ।

বৃহস্পতিবাৰে নিশা প্ৰায় ৯:৩০ বজাত সংঘটিত হয় এই ঘটনা (Delhi Woman Shot In Head Near Her House) । ৰাজহুৱা পথত ৰেণু গোৱেল নামৰ মহিলাগৰাকীক ঘৰৰ সন্মুখত গুলীয়াই হত্যা কৰে এজন ২৫ বছৰীয়া যুৱকে ।

তথ্য অনুসৰি , মহিলাগৰাকীয়ে নিজৰ বন্ধু এজনক লগ কৰিবলৈ ওলাই গৈছিল । তেনে সময়তে গুলীচালনা কৰাৰ পিছতে ততাতয়াকৈ ৰেণুক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ কেইবাটাও আৰক্ষীৰ দল গঠন কৰা হৈছিল যদিও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে আক্ৰমণকাৰীয়ে নিজকে গুলীয়াই হত্যা কৰে বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে জনোৱা অনুসৰি , “আমি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ কেইবাটাও দল গঠন কৰিলোঁ। আমি তেওঁক চিনাক্ত কৰিলোঁ আৰু তেওঁৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে তেওঁ নিজৰ ঘৰৰ চাদত গুলীচালনা কৰি হত্যা কৰে । যিটো অস্ত্ৰৰে তেওঁ নিজকে হত্যা কৰিছিল সেই অস্ত্ৰটো পাইছো ।”

দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত যুৱক আশীষৰ যি ৰিভলভাৰৰে ৰেনুক গুলীয়াই হত্যা কৰা হৈছিল, সেই একেটা ৰিভলভাৰৰ গুলীতেই মৃত্যু হৈছে অভিযুক্ত যুৱক আশীষৰ।

আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা যে অভিযুক্ত আশীষে আত্মহত্যা কৰিছে । স্থানীয় সূত্ৰ অনুসৰি ৰেনুৰ স্বামী এজন বিল্ডাৰ ব্যৱসায়ী । দুই-তিনি বছৰ আগতে জিমত আশীষক লগ পাইছিল । দুয়োৰে মাজত বন্ধুত্বও গঢ় লৈ উঠে।

ব্যক্তিগত সম্পৰ্কৰমাজত সৃষ্টি হোৱা সমস্যাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি আৰক্ষীয়ে অনুমান কৰিছে ।

লগতে পঢ়ক : UP woman kills husband : স্বামীক কুঠাৰেৰে কাটি নৃশংসভাৱে হত্যা পত্নীৰ