Local, Vocal, Global

Woman murdered over debt dispute in Hyderabad’s LB Nagar : ধাৰ লৈ ঘুৰাই নিদিয়াৰ বাবে এগৰাকী মহিলাই হত্যা কৰিলে আন এগৰাকী মহিলাক

নেশ্যনেল ডেস্ক,৪আগষ্ট : এক নৃশংস হত্যাকাণ্ডৰ ঘটনা । তেলেংগানাৰ হায়দৰাবাদৰ এল বি নগৰ অঞ্চলত সংঘটিত হৈছে নৃশংস হত্য়াকাণ্ডৰ ঘটনা ৷ ঋণ পৰিশোধ নকৰাৰ বাবে এগৰাকী মহিলাক হত্য়া আন এগৰাকী মহিলাৰ(Telangana Woman Killed For Not Repaying Rs 20,000, Accused In Police Custody) ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, সৰোজিনী নামৰ এগৰাকী মহিলাৰ পৰা নৰসম্মা নামৰ এগৰাকী মহিলাই ধাৰ লৈছিল ২০ হাজাৰ টকা ।সৰোজিনীৰ পৰা ধাৰত লোৱা ধনখিনি নৰসম্মাই নামৰ মহিলাগৰাকীয়ে কিছুদিন পাচতে ঘূৰাই দিম বুলি কৈছিল যদিও সময়মতে ঋণ পৰিশোধ কৰা নাছিল নৰসম্মাই ৷ ধাৰে লোৱা ধনখিনি সময়মতে ঘূৰাই নিদিয়াৰ বাবে দুয়োগৰাকী মহিলাৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল ।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, সৰোজিনীয়ে নৰসম্মাক ধনখিনি সন্দৰ্ভত যিমানে সুধিলেও নৰসম্মাই একো গুৰুত্ব নিদিয়ে । যাৰ ফলত শুকুৰবাৰে দুয়োৰে মাজত প্ৰচণ্ড বাক-বিতণ্ডা হয় । ইয়াৰ পাচতে হিতাহিত জ্ঞান হেৰুৱাই সৰোজনীয়ে হাতুৰীৰে ক আক্ৰমণ কৰে । মূৰত আঘাত পোৱাৰ বাবে নৰসম্মা মাটিত বাগৰি পৰে আৰু থিতাতে মৃত্যু ঘটে বুলি স্থানীয় লোকে জনায় ৷

ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । বৰ্তমান আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত সৰোজিনী(Woman murdered over debt dispute in Hyderabad’s LB Nagar)।

লগতে পঢ়ক : Pradhan Mantri Awas Yojana : মানকাচৰত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত বৃহৎ জাল