Local, Vocal, Global

Woman murdered allegedly by her husband :এবছৰীয়া সন্তানৰ মাতৃক হত্যাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে

নিউজ ডেস্ক,২০ছেপ্তেম্বৰ : দক্ষিণ কামৰূপৰ সোণতলীত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা৷ এবছৰীয়া সন্তানৰ মাতৃক হত্যাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে।

জানিব পৰা মতে, দুবছৰ পূৰ্বে এগৰাকী যুৱতীৰ সৈতে প্ৰেম বিবাহ হৈছিল আজিজুল হক নামৰ যুৱকজনৰ। কিন্তু বিবাহৰ দুবছৰ পিছতে আজিজুলে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। সোণতলীৰ ২নং দক্ষিণ ৰাঙাপানীত সংঘটিত হৈছে এই অমানৱীয় ঘটনাটো ৷

পত্নী ৰৌছনাৰা পাৰবিনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপন উঠিছে স্বামী আজিজুল হকৰ বিৰুদ্ধে ৷ স্বামী আজিজুল হকে পত্নীক ধন বিচাৰি বিভিন্ন সময়ত অত্যাচাৰ কৰাৰ অভিযোগ বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকৰ ৷ আৰু টকা আনি নিদিয়াৰ বাবেই এবছৰীয়া সন্তানৰ মাতৃ ৰৌছনাৰা পাৰবিনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়ে আজিজুল হকে(Woman murdered allegedly by her husband)।

ইফালে এই চাঞ্চল্যকৰ ঘটনাৰ খবৰ সোণতলী আৰক্ষী লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় স্বামী আজিজুল হকক আটক কৰে৷

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰিছে৷ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট তথা আৰক্ষীৰ সঠিক তদন্তৰ পিচতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্য।

লগতে পঢ়ক : Barsha Rani Bishaya Birthday : আজি জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ জন্মদিন