Local, Vocal, Global

Woman molested on flight : ইণ্ডিগ’ বিমানত মহিলাক নিৰ্যাতনৰ ঘটনা, অভিযুক্তক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, ১১ছেপ্তেম্বৰ : বিগত কিছুদিন ধৰি বিভিন্ন ঘটনাৰাজিৰ বাবে প্ৰায়েই চৰ্চালৈ আহিছে এয়াৰ ইণ্ডিয়া। যাত্ৰীৰ ওপৰত সুৰাপায়ী সহযাত্ৰীৰ প্ৰস্ৰাৱ কাণ্ডকে ধৰি শাৰীৰিক আক্ৰমণক লৈ বিমান প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিষয়াক যাত্ৰীয়ে কৰা অসভ্য আচৰণ আদি নানা ঘটনাই দখল কৰিছে সংবাদ শিৰোনাম (Woman molested on flight)।

এইবাৰ পোহৰলৈ আহিছে যাত্ৰীবাহী বিমানত যুৱতীক অসভ্য আচৰণৰ ঘটনা । বিমানত যাত্ৰী হিচাপে অহা এজন যুৱকে এগৰাকী মহিলা যাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ।

প্ৰায়ে বিমানত বহু অপ্ৰীতিকৰ ঘটনাৰ কথা মাজে সময়ে পোহৰলৈ আহে। কিন্তু শেহতীয়াকৈ মুম্বাই-গুৱাহাটী অভিমুখী ইণ্ডিগ’ৰ এখন যাত্ৰীবাহী বিমানত শ্লীলতা হানিৰ ঘটনা সংঘটি হোৱা বুলি জানিব পৰা গৈছে (Woman Molested On Late Night Mumbai Guwahati IndiGo Flight )।

উল্লেখযোগ্য যে, 6E-5319 ইণ্ডিগ’ বিমানখন মুম্বাইৰ পৰা দেওবাৰে নিশা ৯ বজাত যাত্ৰা কৰিছিল আৰু ১২.১৫ বজাত গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিছিল। ঘটনাৰ বিষয়ে ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে লোকজনে আহি থকাৰ সময়তে তেওঁৰ দেহত হাত দিছিল। টোপনি যোৱাৰ চলেৰে লোকজনে তেওঁক স্পৰ্শ কৰিবলৈ লৈছিল। তেওঁ চিঞৰিব বিচাৰিছিল, কিন্তু সেয়া নকৰি কেবিনৰ লাইট জ্বলাই দিছিল আৰু বিমানকৰ্মীক মাতি আনি ঘটনা সম্পৰ্কে অৱগত কৰে। মহিলাগৰাকীয়ে এই কথা ৰাজহুৱা কৰা পিছতে লোকজনে ক্ষমা বিচাৰে যুৱতীগৰাকীৰ পৰা ।

প্ৰাপ্ত তথ্য অনুসৰি, মহিলাগৰাকীয়ে তেওঁৰ শ্লীলতা হানিৰ অভিযোগ দাখিল কৰে আৰু অভিযোগ দাখিল কৰাৰ পিছতে গুৱাহাটী বিমানবন্দৰত গ্ৰেপ্তাৰ কৰে অভিযুক্ত যাত্ৰীজনক। ৫ মাহৰ ভিতৰত বিমানত এনেধৰণৰ এয়া পঞ্চমটো ঘটনা।

উল্লেখ্য যে, বিগত কেইদিনমান আগতে মুম্বাই হৈ যাত্ৰা কৰা মাস্কট-ঢাকা অভিমুখী এখন বিমানত এগৰাকী মহিলা বিমান সেৱকক নিৰ্যাতন চলোৱাৰ অভিযোগত এজন ৩০ বছৰীয়া বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছিল।

লগতে পঢ়ক :Fire at Air China jetliner: চীনৰ যাত্ৰীবাহী বিমানত অগ্নিকাণ্ড