Woman molested on flight : ইণ্ডিগো বিমানত মহিলাক নিৰ্যাতনৰ ঘটনা, অভিযুক্তক গ্ৰেপ্তাৰ
নেশ্যনেল ডেস্ক, ২১ জুলাই: এখন যাত্ৰীবাহী বিমানত মহিলাক অভব্য আচৰণৰ এটা ঘটনা পোহৰলৈ আহিছে (Woman molested on flight) । বিমানখনত যাত্ৰী হিচাপে অহা তামিলনাডুৰ কাৰাইকুডি অঞ্চলৰ এজন যুৱকে এগৰাকী মহিলা যাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বৃহস্পতিবাৰে চেন্নাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Inappropriately touching woman on Indigo Airlines) । অৱশ্যে যুৱকজনে তেনে কোনো আচৰণৰ কথা অস্বীকাৰ কৰিছে । আবুধাবিৰ পৰা আহি চেন্নাই বিমানবন্দৰ(Chennai International Airport)ত অৱতৰণ কৰা ইণ্ডিগো এয়াৰলাইন্সৰ এখন যাত্ৰীবাহী বিমানত এই অভব্য আচৰণৰ ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।
সূত্ৰই জনোৱা মতে, বৃহস্পতিবাৰে ১৫৬ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰা ইণ্ডিগ’ বিমানখনৰ ভিতৰত এগৰাকী মহিলাই হঠাৎ চিঞৰ-বাখৰ কৰিবলৈ আৰম্ভ কৰাত যাত্ৰীসকলৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় (Panic spread inside IndiGo aircraft) । সহযাত্ৰীসকলে চিঞৰাৰ কাৰণ সোধাত পিছফালে বহি থকা যুৱকজনে তেওঁৰ শৰীৰত অনুচিতভাৱে কেইবাবাৰো স্পৰ্শ কৰাৰ বুলি মহিলাগৰাকীয়ে অভিযোগ দিয়ে(Allegedly sexually assaulting a female passenger) । ইয়াৰ পিছতে বিমান পৰিচাৰিকা আৰু সহযাত্ৰীসকলে যুৱকজনক ধমক দি বহুৱাই ৰাখে ।
কিন্তু তেওঁৰ লগত কোনো অভব্য আচৰণ কৰা নাই বুলি কৈ মহিলাগৰাকীৰ অভিযোগক অস্বীকাৰ কৰি অভিযুক্ত যুৱকজনে কয়, মহিলাগৰাকীয়ে শুই থকাৰ সময়ত তেওঁৰ হাতখনে মহিলাগৰাকীক স্পৰ্শ কৰাটো সঁচা । কিন্তু এয়া কোনো উদ্দেশ্য প্ৰণোদিত নাছিল বুলি যুৱকজনে কয় যদিও মহিলাগৰাকীয়ে তেওঁ মিছা কথা কোৱা বুলি কয় । ইফালে মহিলাগৰাকীয়ে কলে, যুৱকজনে তেওঁক এবাৰ নহয় কেইবাবাৰো স্পৰ্শ কৰিছিল । লগতে মহিলা যাত্ৰীগৰাকীয়ে কয় যে মই তেওঁৰ হাত দুখন কেইবাবাৰো আঁতৰাবলৈ চেষ্টা কৰিছিলো যদিও তেওঁ তেনেকৈয়ে আচৰণ কৰি থাকিল ।
পৰিস্থিতি অধিক বেয়াৰ দিশে গতি কৰা উমান পাই বিমান পৰিচাৰিকাই বিমানখনৰ কেপ্তেইনক অৱগত কৰে আৰু চেন্নাই বিমানবন্দৰৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰি নিৰাপত্তাৰক্ষীক সতৰ্ক কৰি দিয়ে । ইয়াৰ পিছতে বিমানখন চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে অভিযুক্ত যুৱকজনক চেন্নাই বিমানবন্দৰ থানাত গতাই দিয়ে । লগতে মহিলা যাত্ৰীগৰাকীয়ে থানালৈ গৈ যুৱকজনৰ বিৰুদ্ধে এখন এজাহাৰো দাখিল কৰে । অভিযুক্ত যুৱকজন তামিলনাডুৰ শিৱগংগাই জিলাৰ কাৰাইকুডিৰ বাসিন্দা শক্তি (২৮) বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, ছৌদি আৰৱত শ্ৰমিক হিচাপে কাম কৰা শক্তি নামৰ যুৱকজনে ছুটীত নিজৰ গৃহ চহৰলৈ উভতি আহিছিল । এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে মহিলা হিংসা আইন(Violence against Women Act) আৰু বায়ু সুৰক্ষা আইন(Air Safety Act)ৰ প্ৰাসংগিক ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে । শুকুৰবাৰে পুৱা আলন্দুৰ আদালতত অভিযুক্ত যুৱকজনক হাজিৰ কৰোৱাৰ পিছত তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : Honour Of Dead Body Bill : ৰাজস্থান বিধানসভাত মৃতদেহ লৈ প্ৰতিবাদ নিষিদ্ধ বিধেয়ক গৃহীত